গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি পদত এবিভিপিৰ মানস প্ৰতীম কলিতাৰ জয়
সাহিত্য আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদতো এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ, সাহিত্য সম্পাদকৰ পদত প্ৰাণজিৎ কোচ ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত বিনোদ বড়ো জয়ী হয়। বিগত সময়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নামলৈ কেইগৰাকীমান নিদিষ্ট ছাত্ৰই বাৰম্বাৰ এবিভিপিক আক্ৰমণ কৰাৰ বিপৰীতে আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিদ্যাৰ্থী পৰিষদৰ এগৰাকী সমৰ্থিত প্ৰাৰ্থীক সভাপতি পদত জয়ী কৰি এই ঘটনাৰো উচিত বাৰ্তা প্ৰদান কৰিলে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ সমাজক ধন্যবাদ জনাই এই জয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ সমাজৰ জয় বুলি উল্লেখ কৰে। তেওঁ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত কেইগৰাকীমান নিদিষ্ট ব্যক্তিৰ নেতৃত্বত যি দৰে লাচিত বৰফুকন আৰু মা কামাখ্যাৰ ফটো জ্বলাই দিয়া হৈছিল তাৰো বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে উচিত প্ৰত্তোতৰ দিলে বুলি তেওঁ উল্লেখ কৰে।