সমাজৰ পৰা ৰক্তহীনতা নিৰ্মূলকৰণৰ উদ্দেশ্যেৰে ‘আই’ আঁচনি মাজুলীত শুভাৰম্ভণি কৰিলে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা প্ৰশাসন আৰু মহিলা আৰু শিশু কল্যাণ বিভাগ (পোষণ অভিযান) মাজুলীৰ উদ্যোগত আজি ৰঙাচাহী তনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমাজৰ পৰা ৰক্তহীনতা নিৰ্মূলকৰণৰ উদ্দেশ্যেৰে ‘আই’ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মাজুলী জিলাৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে।
এইকাৰ্যক্ৰমৰ লগত সংগতি ৰাখি উজনি মাজুলী শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰঙাচাহী আৰু শ্ৰীৰাম চক্ৰৰ কৰ্মী – সহায়িকাসকলৰ দ্বাৰা সমাজৰ বিশেষকৈ গৰ্ভৱতী প্ৰসূতি , শিশু আৰু কিশোৰীসকলৰ বাবে পুষ্টিকৰ খাদ্য সম্ভাৰৰ এখনি খাদ্যমেলা অনুষ্ঠিত কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা খোৱা পানী পৰীক্ষা আৰু স্বাস্থ্য বিভাগ মাজুলীৰ সহযোগত ৰক্তহীনতা পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। সভাত মাজুলী জিলা প্ৰশাসনৰ বিষয়া সংগীতা বৰুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, জিলা শিক্ষা বিষয়াৰ লগতে আন -আন কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ চিকিৎসক -চিকিৎসা কৰ্মী, জিলা কৃষি বিভাগৰ বিষয়া, উজনি মাজুলী মাজুলী শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া আৰু কৰ্মচাৰী, তনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক – কৰ্মচাৰী , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, মাজুলী, স্থানীয় ৰাইজ, অংগনৱাদী কৰ্মী, আশাকৰ্মী, জীৱিকা সখী আদি সকলোৱে অংশগ্ৰহণ কৰে।