এটা চাকৰি লাগে মোক – কল্পনা বৰা

এটা চাকৰি লাগে মোক

কল্পনা বৰা,গোলাঘাট

চাকৰি এটাৰ বৰ প্ৰয়োজন মোক
লাখটকীয়া দৰমহাৰ এটি  চাকৰি নহ’লেও হ’ব।
আমি সৰু মানুহ
বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ অধিকাৰ আমাৰ নাই
এটি সৰু চাকৰি লাগে মাথোঁ।
বয়সে আচোঁৰা বুঢ়া পিতাইৰ তেজবোৰক
আৰু কিমান পানী কৰিব দিম ?
বেমাৰী আইক চকুৰ সমুখতে
তিলতিলকৈ কেনেকৈ মাৰিম ?
এটি চফল ডেকা হৈ
বিশটকীয়া নোটখনকে যেতিয়া হাত পাতো
বৃদ্ধ পিতাইৰ ওচৰত,
বুকুখনত কোনোবাই হাতুৰীৰে কোবোৱা যেন লাগে অ’
শব্দবোৰেও যেন জিভাৰ আগত ওলমি ৰৈ মোক অপমান কৰে
লাজ, অস্বস্তিত চকুৰ দুপাৰি মোৰ কঁপি উঠে ।
ডাঙৰ সপোন বুকুত বান্ধি
বিলাসী জীৱন কটোৱাৰ হাবিয়াস মোৰ নাই
এটি পথ লাগে মাথোঁ উপাৰ্জনৰ।
পিতাইৰ হালখনকে ধৰি
খেতি কৰিবলৈ মাটি নাই ;
ব্যৱসায় কৰিবলৈও পিতাইৰ যে টকা নাই।
বহুত সৰু মানুহ অ’ আমি ।
ৰাতি হ’লে দুচকুৰ টোপনি এৰি
ফটা জেপৰ পাঁচটকীয়া নোটকেইটা হিচাপ কৰোঁ ,
ভগা পালেংখনতে ইকাটি-সিকাটি কৰি ছটফটাই মৰোঁ।
এৰা! দুচকুত সৰু সপোন লৈয়ে জীৱন জীয়াইছো
চাকৰি এটা পালেই
সকলোবোৰ মই অকলেই কৰিম ।
বুঢ়া পিতায়ে ঘামবোৰ আৰু মাটিত পেলাব নালাগে
বেমাৰী আইয়েও বিচনাত পৰি
মৃত্যুৰ ক্ষণ গণি জীয়াব নালাগে।
এটি সৰু চাকৰি লাগে মোক
লাখটকীয়া চাকৰি নহয় !
শেঁতা পৰা মুখলৈ হাঁহিবোৰ ঘূৰাই আনিব পৰাকৈ
এটি সৰু চাকৰি লাগে ।