দুর্গা পূজা – অনিতা গগৈ

দুর্গা পূজা

অনিতা গগৈ

শৰৎ আৰু বসন্ত ঋতুতেই দুর্গাপূজা অনুষ্ঠিত হয়। পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাদেৱীৰ গৰ্ভত দুর্গাদেৱীৰ জন্ম হয়। দেবাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী। দুর্গাদেৱী ৰণচণ্ডী, কালী, কাপালী, নৃমুণ্ডমালিনী আদি বিভিন্ন নামে অভিহিতা। সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয়।  বসন্তকালত অনুষ্ঠিত হােৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামে অভিহিত হয়।

কৃত্তিবাসী ৰামায়ণৰ মতে ত্রেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শক্তি লাভৰ কাৰণে অকালতে শৰকালত দুর্গাদেৱীৰ পূজাৰ আয়ােজন কৰে। সেই সময় প্রচলিত বিধিৰ ব্যতিক্রম ঘটাই ৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনােৱাৰ বাবে ৰামচন্দ্রই অনুষ্ঠিত কৰা শাৰদীয় পূজাকে অকালবােধন বুলি কোৱা হয়। অৱশ্যে বাল্মীকি ৰামায়ণত ৰামচন্দ্রই পতা দুর্গাপূজাৰ কোনাে উল্লেখ নাই। । বংগদেশত প্রায় চাৰে তিনিশ বছৰৰ আগতে তাহেৰপুৰৰ ৰজা কংশনাৰায়ণে সর্বপ্রথমে দুর্গাপূজা অনুষ্ঠিত কৰিছিল বুলি প্রবাদ আছে।

দুর্গাপূজা প্রকৃতপক্ষে এটি ধর্মীয় অনুষ্ঠান। দুর্গাদেৱী দশভুজা। দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰােহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সাে কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাও কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেবী সর্ব শুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক। একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত আছে। অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক। এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহকৰি তােলে,জগতত দুর্যোগৰ সৃষ্টি কৰে। জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহঅস্ত্র লৈ দশেদিশৰ এই মহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মুল কৰি ঐশ্বর্যবিভূতি, শিক্ষা দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব।

দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ অক্ষয় অপাৰ। দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্রেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।

আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কার্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে। সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।

পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই,ডবা,কাহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি।হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে। মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়। ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

দেৱী বিসর্জনৰ পাছত পুৰােহিতৰ দেহ-মন ক্লান্তিৰে ভৰি পৰে; মন আচ্ছন্ন হৈ যায়। ভক্তসকলৰ অন্তৰতাে, দেরী-বিসর্জনৰ বিচ্ছেদে বিষাদৰ সৃষ্টি কৰে। বঙালীসকলে আত্মীয়-স্বজনৰ সৈতে হােলিংগন কৰি পৰম্পৰক শ্রদ্ধা, ভক্তি আৰু শুভেচ্ছা নিবেদন কৰে। এই অনুষ্ঠানটি বিজয়া নামে জনাজাত।

দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছি দিন পূজা নহয়। ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে। হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্র কন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতিগৃহলৈ গমন কৰিছিল। সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয়। বঙালীসকলৰ পাৰিবাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায়। বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈপৰে; অশ্রুনীৰে বেদনা-সাগৰ পূৰ্ণ হৈ যায়; এই সাদৃশ্যই, সামঞ্জস্যই দুর্গাপূজাক বঙালীসকলৰ অতি দৰদৰ, অতি মৰমৰ প্ৰাণৰ আপােন কৰি তুলিছে।

দুর্গাপূজা বঙালীসকলৰ পাৰিবাৰিক জীৱনত মিলনৰৰ উৎসৱ বুলি ক’ব পাৰি। সুদীর্ঘ প্রবাসী জীৱন যাপনৰ পাছত পূজাৰ সময়ত ভাই-ককাই, বাই-ভনী, আত্মীয়-স্বজন ঘৰলৈ ফিৰি আহি মাতৃৰ স্নেহৰ স্নেহময়ী কোলাৰ আচলত জিৰণি লৈ হিয়া শাত পেলায়। অতদিনে উৰুঙা-উৰুঙা, ৰিঙা-ৰিঙা লগা ঘৰখন আনন্দমুখৰ হৈ উঠে। পিতৃ-মাতৃৰ অন্তৰ আনন্দত গৰৱত নাচি উঠে। সেয়েহে ই মিলনৰাে উৎসৱ।

শাস্ত্ৰৰ মতে পূঁজাৰ প্ৰতিমা গঢ়িবলৈ  দামুৰীৰ মূত্ৰ, গোবৰ, ধানৰ শিৰা, পৱিত্ৰ গংগাজল আৰু নিষিদ্ধ গলীৰ মাটিৰ মিশ্ৰন দৰকাৰ হয় । পৌৰাণিক দিনৰ পৰা আজিলৈকে এনেকৈ তৈয়াৰ কৰা হয় দেৱীৰ প্ৰতিমা।  কিয় এই বিশেষ নিয়ম তাৰো কাৰণ আছে ৷ পুৰুষে এৰি থৈ অহা পূণ্যৰে বেশ্যালয়ৰ মাটি হয় অতি পবিত্ৰ। সেই কাৰণেই এই মাটিৰে গঢ়া হয় দেৱী মূৰ্তি। এই ৰীতিকে পালন কৰি সকলো নাৰীকে মাতৃস্বৰূপা বুজোৱা হয়। সমাজত যিসকল অৱহেলিত, যিসকলক অৱজ্ঞা কৰা হয় , যিসকলক লাঞ্ছনা বঞ্চনাৰ কৰা হয়। যিসকলৰ সমাজত ঘৃণা আৰু উপেক্ষাৰ কৰা হয় সেইসকলৰ ঘৰৰ মাটি দেৱীমূৰ্তিৰ বাবে ব্যৱহাৰ কৰা হয়।  বিশ্বাস কৰে পুৰুষে যেতিয়া পতিতালয়লৈ গৈ বেশ্যাৰ সৈতে ঘনিষ্ঠ  হয় তেতিয়াই তেওঁ গোটেই জীৱনৰ সঞ্চিত সমস্ত পূণ্য পতিতালয়তেই  এৰি আহে।  আৰু তেওঁ লগত লৈ যায় সমষ্ট শৰীৰত আৰু মনত  পাপ। তেতিয়াই তেওঁৰ জীৱন পাপেৰে ভৰি পৰে৷

বিশ্বাস কৰে যে পুৰুষৰ মাজতে লুকাই থকা কামনা–বাসনা,লালসা সকলো পতিতাসকলে নিজলৈ লৈ লয় ৷ পুৰুষে নজনাকৈয়ে আপোনা আপুনি পতিতাৰ গালৈ গুচি যায় ৷তেওঁলোকে নিজকে অশুদ্ধ, অপবিত্ৰ কৰি সমাজক শুদ্ধ কৰি  লগতে পবিত্ৰ কৰি ৰাখিব খোজে।

দেৱী মূৰ্তি তৈয়াৰ কৰোতে পতিতালয়ৰ মাটি ব্যৱহাৰৰ কৰাৰ প্ৰকৃত উদ্দেশ্য হ’ল যিসকল এই পৰিস্থিতিৰ বলি হৈছে তেওঁলোকক সন্মান কৰা।

নাৰী কেতিয়াও অপবিত্ৰ হ’ব নোৱাৰে, এই ধাৰণাই অন্তৰ্নিহিত হৈ আছে এই ৰীতিৰ আঁৰত। শৰৎকালত দেবীৰ অকাল বোধন কৰা হয়। এই সময়ত দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয়। এই ৯টা ৰূপৰ আৰাধনা কৰোতে পতিতালয়ৰ নাৰীসকলকো সেই নাৰীসকলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। ধাৰণা কৰা মতে এই ৰীতিৰ উদ্দেশ্য এয়াই, সকলো নাৰীক সন্মান, দেৱীজ্ঞান কৰা মানৱৰ পৰম ধৰ্ম ৷