ক’লৈ গ’ল মোৰ শৈশৱৰ মধুৰতম সময়বোৰ
সত্যজিৎ গগৈ,
বামুণী গাওঁ
ক’লৈ গ’ল মোৰ শৈশৱৰ মধুৰতম সময়বোৰ
আজি কেইবামাহো ধৰি তাৰ দেখা দেখি নাই
অচিনাকি বতাহত উৰি গ’ল নেকি!
সি টো সত্যবাদী আৰু সৎ আছিল
সাহসিকতাক সন্মান কৰাই তাৰ ধৰ্ম আছিল
পিচে আজি বহুদিন ধৰি আত্মগোপন কৰাৰ কাৰণেই বা কি!
কোনোবাই তাক হত্যা কৰিলে নেকি!
ধৰ্ষণৰ অপৰাধত
সন্ত্ৰাসবাদৰ অপৰাধত
নিৰ্যাতনৰ অপৰাধত অথবা
কেলেংকাৰীৰ অপৰাধত!
সি টো তেনে কোনো অপৰাধতেই জড়িত নাছিল
অহংকাৰৰ পৰাও সি বহুযোজন দূৰৈত।
নে সি সন্যাসী জীৱনৰ পাতনি মেলি হেৰাই গ’ল ক’ৰবাত!
কোনো কালেই কোনেও বিচাৰি নোপোৱাকৈ
নে সি যি সমাজ গঢ়ি থাকিব বিছাৰিছিল
তাক সাকাৰ ৰূপ দিবলৈ মৌন ব্ৰতত লুকাই আছে ক’ৰবাত!
য’ত থাকিব সত্য,সুন্দৰ,বিশ্বাসৰ দৰে ধুনীয়া একোপাহি ফুল
যাৰ সুবাসেৰে সুবাসিত কৰিব আমাৰ বাগিছা
গধুলি হ’লেই য’ত আমি বিচাৰি পাওঁ
সমনীয়াৰ ৰহঘৰা
লগৰীয়াৰ আদ্দা
জীৱনৰ মাদকতা।
কিন্তু আজি অ’তদিনে ক’ত গ’ল
মোৰ সেই শৈশৱৰ সময়বোৰ
সন্ধিয়াৰ পিৰালিত বহি মনত পেলোৱাৰ ক্ষণত
আততায়ীৰ গুলীত আহত হৈ
সি পৰি আছে নেকি কোনো অজ্ঞাত স্থানত!
আশাৰ বিচনাত!