বিশিষ্ট শিল্পী দিগেন মহন্তৰ দেহাৱসান

বিশিষ্ট শিল্পী দিগেন মহন্তৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বকৰ্মা পূজাৰ আনন্দ, উল্লাসৰ মাজতে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুখৰৰ খবৰ।  বিশিষ্ট সংগীত শিল্পী দিগেন মহন্ত আৰু নাই।গণ শিল্পী খগেন মহন্তৰ কনিষ্ঠ ভাতৃ দিগেন মহন্ত আছিল এগৰাকী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম শ্ৰেণীৰ কণ্ঠশিল্পী। নিশা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।দিগেন মহন্ত কেইবাটাও সোণ সেৰীয়া অসমীয়া গানৰ বাবে চিৰ পৰিচিত। ‘তুমি ৰোৱা সেই শেৱালী জোপা’ তেওঁৰ অন্যতম চিৰ সেউজ গীত। তাৰোপৰি তেওঁ কেইবটাও গীতো ৰচনা কৰিছিল। গীতিকাৰ হিচাপেও তেওঁ স্বীকৃতি লাভ কৰিছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সন্মান লাভ কৰা দিগেন মহন্তৰ বিয়োগে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যথেষ্ট ক্ষতি কৰিলে। নগাঁৱত জন্মগ্ৰহণ কৰা দিগেন মহন্তলৈ ২০২২ বৰ্ষত ‘সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা বঁটা’ আগবঢ়াইছিল নগাঁৱৰে অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰে। ২০২৩ বৰ্ষত তেওঁক নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সৃষ্টি’য়ে ঐতিহ্যমণ্ডিত নেহৰুৱালিত দিগেন মহন্তলৈ আগবঢ়াইছিল কলংপৰীয়া শিল্পী বঁটা। সামাজিক মাধ্যমযোগে পুত্ৰই জনালে দিগেন মহন্তৰ দেহাৱসানৰ খবৰ। দিগেন মহন্তৰ বিয়োগত শোকস্তদ্ধ হৈছে পৰিছে শিল্পীগৰাকীৰ প্ৰতিগৰাকী গুণমুগ্ধ।