চাইকেল 

P.C.-freepik
চাইকেল
এটা সময়ত চাইকেল হৈ জন্ম লোৱাৰ বাবে
বহুত গৌৰৱবোধ কৰিছিলোঁ।
সকলোৰে প্ৰয়োজনীয় বাহন হৈ
ঘৰে ঘৰে বিশেষ স্থান পাইছিলোঁ।
আৰু এতিয়া—–?
বহুত দুখ লাগে
কাৰোবাৰ চোতালৰ এচুকত নাইবা অলাগতীয়াল ঠাইত
নিজৰ ভঙা-ছিঙা দেহটো আৱিষ্কাৰ কৰি।
ভবাই নাছিলোঁ
এনেদৰে মোৰ প্ৰয়োজনীয়তা
এদিন হেৰাই যাব বুলি–!
মটৰ চাইকেল আৰু কাৰে
মোৰ অধিকাৰ ছিঙি ল’লে।
মামৰে ধৰা দেহটো
আৰুনো কিমান দিনলৈ টিকিব ?
হয়তো হেৰাই যাব মোৰ অস্তিত্ব।
কিন্তু সময় জানো একেদৰে থাকিব ?
সুস্থ হৈ জীয়াই থকাৰ তাড়নাত
এটা সময়ত
মানুহৰ চিন্তাই সলনি হ’ব।
চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ
মানুহে আকৌ চাইকেল চলাবলৈ
আৰম্ভ নকৰিবনে ?
শাৰীৰিক ব্যায়ামৰ আহিলা হৈ
মোৰ চাহিদা পুনৰ নাবাঢ়িবনে ?
মই পুনৰ জন্ম ল’ম নতুন ৰূপত
মামৰে ধৰা মটৰ চাইকেলখনলৈ চাই
তেতিয়া মইও আত্ম-তৃপ্তি লভিম–!
অনুভৱ কৰিম
চাইকেল হৈ জন্ম লোৱাৰ সাৰ্থকতা…।
আয়নাল হক , ধুবুৰী