ডিব্ৰুগড়ৰ ক’ল ৰোডক “জয়ন্ত দত্ত পথ” হিচাপে নামাকৰণ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ২০০১ চনৰ ১ মে’ তাৰিখে ৰাজ্য কঁপাই যোৱা এটা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছিল। সেই সময়ত ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জয়ন্ত দত্তক বজাৰৰ মাজমজিয়াতে জিলা বিজেপি কাৰ্যালয়ৰ সমীপত আততায়ীয়ে গুলীয়াই হত্যা কৰে সন্ধিয়া ৭ মান বজাত। হঠাৎ প্ৰচণ্ড গুলীৰ শব্দ,নিস্তব্ধতা কপাঁই গৰজি উঠিছিল স্বয়ংক্ৰিয় একে ৪৭ মাৰণাস্ত্ৰ, ঢলি পৰিছিল ৫ গৰাকীকৈ ব্যক্তি। তাৰ ভিতৰত আছিল ডিব্ৰুগড়ৰ বিজেপিৰ প্ৰাৰ্থী জয়ন্ত দত্ত। ২৩ বছৰৰ মূৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত দত্তক সোঁৱৰি ডিব্ৰুগড়ৰ ক’ল ৰোডক নতুনকৈ নামাকৰণ কৰে “জয়ন্ত দত্ত পথ” হিচাপে। ঘটনাত নিহতৰ পৰিয়ালক গামোচাৰে আদৰিলে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়বাসীয়ে আৱেগিকভাৱে সোঁৱৰিলে তেজে ধোৱা তাহানিৰ সেই অতীতক। সমাজকৰ্মী জয়ন্ত দত্তৰ সোঁৱৰণত “জয়ন্ত দত্ত পথ” হিচাপে আজিৰে পৰা নামাকৰণ কৰা হ’ল ডিব্ৰুগড়ৰ বজাৰৰ মাজমজিয়াৰ ক’ল ৰোড। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে নামফলকৰ শুভ উন্মোচনৰ যোগেদি পথছোৱা ৰাইজৰ হকে উৎসৰ্গিত কৰে। এই অনুষ্ঠানত আৱেগিক হৈ পৰে প্ৰয়াত জয়ন্ত দত্তৰ পৰিয়াল। আৱেগিকভাৱে সোঁৱৰিলে তেজে ধোৱা অতীতক তেখেতৰ কনিষ্ঠ কন্যা বিদিশা গগৈয়ে। জয়ন্ত দত্তৰ সৈতে গুলিবিদ্ধ হৈ নিহত হৈছিল ডিব্ৰুগড়ৰ বৰপথাৰৰ প্ৰশান্ত গগৈ। আৱেগিকভাৱে অতীতক সোঁৱৰিলে তেখেতৰ ভাতৃ কেমেৰুণ গগৈয়ে। হাতত গুলীবিদ্ধ হোৱা সেই দাগ আজিও যোৱা নাই মৃদুল গগৈৰ শৰীৰত। সেইদিনাই জয়ন্ত দত্তৰ সৈতে গুলিবিদ্ধ হৈছিল ডিব্ৰুগড় জামিৰাৰ মৃদুল গগৈ।সেই দিনটোক সুঁৱৰি আৱেগিক হৈ পৰে মৃদুল গগৈয়ে। ২০০১ চনৰ ১ মেত ইতিহাসৰ এক ক’লা অধ্যায় যেন সুদীৰ্ঘ ২৩ বছৰৰ মূৰত ডিব্ৰুগড়ৰ বাসীৰ শিৰনত হৈ ৰ’ব নতুনকৈ নামাকৰণ হ’ল জয়ন্ত দত্ত পথ নামেৰে। পথছোৱাৰ উন্নয়নৰ বাবে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে ২৫ লাখ টকা ঘোষণা কৰে। মন্ত্ৰী গৰাকীৰ হৈ ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰই এই কথা সদৰী কৰে। পথছোৱাৰ নামাকৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী বিমল বৰা, অশোক সিংঘাল, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, উপ-মেয়ৰ উজ্বল ফুকন আদিকে ধৰি অনেক বিশিষ্ট লোক উপস্থিত থাকে।