বোকাখাত মহকুমা প্ৰশাসনৰ সাংবাদিকসকলৰ সৈতে বৈঠক

বোকাখাত মহকুমা প্ৰশাসনৰ সাংবাদিকসকলৰ সৈতে বৈঠক

মৃদুস্মিতা শৰ্মা ,বোকাখাত ,ৰঙিলী বাৰ্ত্তাসেৱা-  বোকাখাত মহকুমাত আইন-শৃংখলা আৰু শান্তি বাহাল ৰখাৰ স্বাৰ্থত বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশস্বৰূপে, ইংৰাজী ২৯/০৮/২০২৪ তাৰিখে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত স্থানীয় সাংবাদিকসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মহকুমাটোৰ অতিৰিক্ত জিলা আয়ুক্ত চিমী কৰণ। বৈঠকত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সাম্প্রতিক সময়ত মহকুমাটোৰ শান্তি আৰু আইন-শৃংখলা স্থিতিৰ সন্দৰ্ভত সাংবাদিকৰ সৈতে আলোচনা কৰাৰ লগতে সাংবাদিক সকলক কোনো সঠিক তথ্য নোপোৱাকৈ সামাজিক মাধ্যমত ভুৱা বাতৰি তথা ভিডিও প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনায়। তাৰোপৰি যদি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ’ব পৰা কোনো তথ্য থাকিলে সাংবাদিকসকলক তৎকাল ভাৱে মহকুমা প্ৰশাসনক অৱগত কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে অনুৰোধ জনায়। বৈঠকত উপস্থিত সংবাদকৰ্মী সকলে এই ক্ষেত্ৰত মহকুমা প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিজৰ মূল্যবান পৰামৰ্শ আগবঢ়ায়।