অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অৱস্থান ধৰ্মঘট

অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ যৌথ সমিতিৰ উদ্যোগত ছচলত ৪(চাৰি) দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন ২০১৫ সংশোধনীয় নিয়মাৱলী পুণৰ সংশোধন ঘটাই ২০১২/২০১৩ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান মৰ্মে চাকৰি নিয়মীয়াকৰণ কৰা, গৃহৰক্ষী বাহিনীত ৫৫ বছৰ বয়সৰ উৰ্ধসীমা ৬০ বছৰলৈ বৃদ্ধি কৰা, Home Guard Deoyment System স্থগিত কৰা আৰু গৃহৰক্ষী পৰিয়ালৰ উপযুক্ত সদস্য/ সদস্যাক প্ৰশিক্ষণ দি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা ইত্যাদি দাবীত অৱস্থান ধৰ্মঘট পালন কৰে৷ উক্ত যৌথ সমিতিৰ সভাপতি কৃষ্ণকান্ত দোলাকাষৰীয়া আৰু সম্পাদক চাহাবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ বিভিন্ন জিলাৰ কামৰূপ(M) কামৰূপ(R),বঙাইগাঁও,চিৰাং,কোকৰাঝাৰ, নগাঁও, মৰিগাঁও, গোৱালপাৰা, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দিৰ চৰাইদেওঁ,মাজুলী আদিৰ পৰা অহা ৭০জন গৃহৰক্ষী জোৱানে বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন আৰু চৰকাৰ বিৰোধী শ্ল’গান প্ৰদান কৰি চছল প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ আনহাতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তিম দিনাহে স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব বুলি সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷  নিশা চছল ধৰ্নাস্থলীত উক্ত গৃহৰক্ষী সকলৰ প্ৰায় ৪০জন লোক অৱস্থানৰত হৈ থাকিব৷ উল্লেখ থাকে যে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ গুৱাহাটী মহানগৰ সাধাৰণ সম্পাদকে সাংবাদিক সকলক জানিব দিয়ে যে চৰকাৰে আমাৰ দাবী সমূহ আজিলৈকে আলোচনা নকৰিলে সেই বাবে অন্তিম দিনা অৰ্থাৎ ৩০-০৮-২০২৪ তাৰিখে প্ৰতিখন জিলাৰ পৰা ২০০ জন কৈ গৃহৰক্ষী জোৱান একে লগ হৈ কিছুসংখ্যক চছল ধৰ্ণাস্থলীত একত্ৰিত হ’ব আৰু কিছুসংখ্যকে সমবেত হৈ জনতা ভৱন ঘেৰাও কাৰ্যসূচী ল’ব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা যায়।