দেশ বিৰোধী শক্তিক কেতিয়াও সহ্য নকৰে এবিভিপিয়ে

দেশ বিৰোধী শক্তিক কেতিয়াও সহ্য নকৰে এবিভিপিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (NIT) শিলচৰত বাংলাদেশী ছাত্ৰৰ দ্বাৰা সামাজিক মাধ্যমত ভাৰতৰ বিৰোধী পোষ্ট কৰাৰ বিৰোধিতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কাছাৰ জিলা সংযোজক আদিত্য দে’য়ে NIT শিলচৰ কেম্পাচ সঞ্চালক শ্ৰী দিলীপ কুমাৰ বৈদ্যক এক স্মাৰক পত্ৰ প্ৰদান কৰে, লগতে তেওঁ জনায় যে ভাৰত বিৰোধী চিন্তাৰ এনে ছাত্ৰ শিলচৰৰ ভূমিত থকাটো বিদ্যাৰ্থী পৰিষদে কোনো কাৰণত গ্ৰহণ নকৰে। এনে ভাৰত বিৰোধী চিন্তা কৰা ব্যক্তি সকলক তাৎক্ষণিক ভাৱে দেশৰ পৰা উলিয়াই দিব লাগে। অসম বা শিলচৰৰ ভিতৰত দেশ বিৰোধী আৰু জেহাদী সকলৰ বাবে অকমানো স্থান নাই। এনেবোৰ ব্যক্তিৰ বাবে NITৰ দৰে শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিবেশ বিনষ্ট হ’ব। স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত আদিত্য দে’ৰ লগত ৰাজ্যিক মিডিয়া সহ: সংযোজক ৰোহিত চন্দ, শিলচৰ মহানগৰ সম্পাদক দ্বীপ নাথ বিশেষ ভাৱে উপস্থিত আছিল।