আইতাৰ ভদীয়া নাম – আয়নাল হক

চুটিগল্প 
আইতাৰ ভদীয়া নাম 
আয়নাল হক ,ধুবুৰী 
ভাদ মাহ। আইতাৰ মনত অপাৰ আনন্দ। এই মাহটোত আইতা নামঘৰলৈ গৈ আইসকলৰ লগত নাম লোৱা অভ্যাসটো আমি সৰুকালৰ পৰা দেখি আহিছোঁ।শাওণৰ দিন কেতিয়া শেষ হ’ব আমাক বাৰে বাৰে সুধি থাকে।বগা মেখেলা-চাদৰ,ৰিহা,চেলেং চাদৰ,গামোচাখনেৰে আইতাক সাজি-কাচি ওলোৱা দেখিলে মনটো ভালেই লাগে। এতিয়া ডাঙৰ হ’লোঁ। তথাপিও  আইতাই নামঘৰৰ পৰা অনা টোপোলাটো ল’বলৈ মোৰ আৰু ভণ্টিৰ দৌৰা-দৌৰি আৰম্ভ হয় । অৱশ্যে দেউতাও ৰৈ থাকে পদূলিলৈ চাই। আমি অহাৰ আগতে চাগে টোপোলাটো দেউতাই লৈছিল সেইবাবে।
” ঐ সৰুকণ ৰ’চোন ঔ বোপাই। মোক উঠাই লৈ ব’ল নামঘৰলৈ।”
 “ভদীয়া নাম আৰম্ভ হ’লনি ঔ জেঠাই?”____দাইটিৰ লগত কথা পাতি পাতি ই-ৰিক্সাখনত আইতা নামঘৰলৈ গ’লগৈ। অৱশ্যে দেউতা স্কুলৰ পৰা আহি সোনকালে পালে দেউতাই থৈ আহেগৈ। ঘূৰি আহোঁতে কিন্তু খোজ কাঢ়িয়েই আহে,তেতিয়াহে আইসকলৰ লগত ইটো-সিটো কথা পাতি আহিব পাৰে ।
“—–মাতু—মধু, টোপোলাটো নেহি আহ।”
 আইতাৰ মাত শুনি আমি ওলাই আহিলোঁ।
“কি হ’ল তহঁতৰ ? আজি ভিতৰত সোমাই আছিলি যে ?” আইতাৰ উৎসুকতা দেখি দেউতাই গহীনাই ক’লে–“ময়ে সোমাই থাকিবলৈ কৈছোঁ। দিন-কাল বেয়া হ’ল।মাকজনী থকা হ’লেও কথা নাছিল।ঈশ্বৰে সেইকণ সুখৰ পৰা মোক বঞ্চিত কৰিলে। এতিয়া তুমি নামঘৰলৈ গ’লে ছোৱালী দুজনী অকলে থাকিব লাগে। ইফালে ময়ো ওলাই নগ’লে নহয়।”
আইতা গহীন হৈ পৰিল—” হয় পিচে, ছোৱালী অকলে এৰিবলৈ ভয়ে হ’ল।তাতে ইহঁত বেছি বুজা হোৱা নাই গা বচাই থাকিবলৈ। মেট্ৰিকৰ দেওনাখন পাৰ হ’লেহে যদি নিজক বচাই ৰাখিব পাৰিব। অঁ কথা এটা নহয় নিৰন, মই বাটতে আজি বগীতৰাৰ পুতেক মহেন্দ্ৰক লগ পাইছিলোঁ। সি হেনো কিবা হাতে-ভৰিয়ে মৰা খেল শিকাব পাৰে। তাক আমাৰ ইহঁতৰো নাম লিখি ল’বলৈ ক’লোঁ। কাইলৈৰ পৰা শিকিবলৈ যাব পাৰিব। মই ঘৰতে নাম ল’ম দে।দিন বেয়ালৈ গৈ আছে। সাৱধান হোৱাই ভাল।”
” তুমি ভালেই কৰিলা মা–! মই আজিয়েই তাক নামভৰ্তিৰ মাছুলখিনি দি আহিম। পিচে তুমি ভাদ মাহটো ঘৰতে সোমাই থাকিব পাৰিবানে ?”
“কি কথা কৈছ ঔ? মোৰ নাতিনী দুজনী ৰক্ষা কৰিবলৈ মই এইকণ মোহ এৰিব নোৱাৰিম নে ? ঘৰৰ নামঘৰতে নাম ল’ম দে। তই ঘৰত থকা দিনকেইটাত যাম আৰু…”