ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থীৰ মনোনয়ন দাখিল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাৰ খালী হৈ থকা দুখন আসনৰ বাবে বুধবাৰে মনোনয়ন দাখিল কৰে বিজেপিৰ প্ৰার্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে।আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে দুই বিজেপি নেতাই।উল্লেখ্য যে এই দুই আসনৰ বাবে বিৰোধী দলে এই পর্যন্ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। মনোনয়ন দাখিলৰ সময়ত এই দুই প্ৰাৰ্থীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰা আৰু বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংগ দিয়ে । উল্লেখ্য যে দুলীয়াজানৰ প্ৰাক্তন বিধায়ক তেলীয়ে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আনহাতে, উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হোৱা মিছন ৰঞ্জন দাস বিজেপিৰ এগৰাকী অভিজ্ঞ ৰাজনীতিক । অষ্টাদশ লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা জয়ী হোৱাৰ পিছত ৰাজ্যসভাৰ দুয়োখন আসন খালী হৈ আছিল । অহা তিনি ছেপ্টেম্বৰত ৰাজ্যসভাৰ আসন দুখনৰ বাবে নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে । উল্লেখ্য যে ৰাজ্যসভাৰ দুখন আসনৰ বাবে আবেদন কৰা দহগৰাকী প্ৰার্থীৰ মাজৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক মনোনীত কৰে ।
