অসমৰ প্ৰখ্যাত এৰী সূতাক জাৰ্মানীৰ অ’ইকো-টেক্স প্ৰমাণপত্ৰ প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা– অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ এক সুখবৰ। অসমৰ প্ৰখ্যাত এৰী সূতাক প্ৰদান কৰা হৈছে সন্মানীয় অ’ইকো টেক্স ষ্টেণ্ডার্ড ১০০ৰ প্রামাণ্যতা। দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জাৰ্মানীৰ পৰা আহে সুখবৰ। অসমৰ এৰী সুতাৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ অধীনৰ উত্তৰ-পূৰ্বাঞ্চল হস্ততাঁত আৰু বস্ত্ৰ উন্নয়ন নিগমলৈ এই প্রামাণ্যতা প্রদান কৰা হৈছে। উল্লেখ্য যে এৰী সূতাই লাভ কৰা এই প্রামাণ্যতাৰ ফলত বিশ্বব্যাপী স্বীকৃতিপ্রাপ্ত বহনক্ষম বস্ত্ৰৰ মৰ্যাদা এৰী সূতাই লভিবলৈ সক্ষম হ’ব। অ’ইকো টেক্স প্রামাণ্যতা সাধাৰণতে পৰিৱেশ অনুকূল অৱস্থাত উৎপন্ন হোৱা তথা কোনোধৰণৰ হানিকাৰক দ্ৰব্য নথকা বস্ত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। এৰী সূতাই এই প্রামাণ্যতা লাভ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ৰপ্তানি বজাৰত প্ৰৱেশ আৰু প্ৰসাৰতা বৃদ্ধিত উক্ত প্রমাণ-পত্র সহায়ক হ’ব বুলি আশা কৰা হৈছে। এৰী সূতাই লাভ কৰা এই সফলতা অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি সামাজিক মাধ্যম বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয় যে সুৰক্ষিত বৈশিষ্ট্যৰ বাবে অসমৰ এৰী সূতাই এই সম্মানীয় অ’ইকো টেক্স প্রামাণ্যতা লাভ কৰিছে। এই স্বীকৃতিয়ে তাঁতশালৰ পৰা বস্ত্ৰ নিৰ্মাণ হোৱালৈকে প্ৰকৃততে উক্ত বস্ত্ৰ যে সুৰক্ষিত, সেয়া প্রমাণিত কৰে। অসমৰ এৰী সূতালৈ আগবঢ়োৱা এই স্বীকৃতিৰ পিছত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নিজৰ এক্স হেণ্ডেলযোগে উত্তৰ-পূৰ্বাঞ্চল হস্ততাঁত আৰু বস্ত্ৰ উন্নয়ন নিগম, চমুকৈ এন ই এইচ এইচ ডি চিৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰ উদ্যোগৰ বাবে এক উদযাপনৰ সময় বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ চহকী ঐতিহ্যৰ ক্ষেত্ৰত এয়া এক বৃহৎ বিজয় বুলি কয়।