চিকিৎসকৰ দেশজুৰি কৰ্মবিৰতিত দেশত স্তব্ধ স্বাস্থ্যসেৱা
ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি অব্যাহত আছে পশ্চিমবংগৰ কলকাতাস্থিত আৰ জি কৰ মেডিকেল কলেজত কৰ্মৰত অৱস্থাত তৰুণী চিকিৎসক এগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ ন্যায় বিচাৰি প্রতিবাদ। পশ্চিমবংগৰ কলকাতাস্থিত আৰ জি কৰ মেডিকেল কলেজত কৰ্মৰত অৱস্থাত তৰুণী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে দেশৰ প্রান্তে প্রান্তে চিকিৎসক- শিক্ষার্থী। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন, চমুকৈ আইএমএয়ে দেশজোৰা কৰ্মবিৰতি পালন কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্র দেশতে চিকিৎসা সেৱাত ব্যাঘাত জন্মিছে। জৰুৰীকালীন সেৱাৰ বাহিৰে চিকিৎসালয়সমূহত আন সেৱাত চিকিৎসকসকলে কৰ্মৰ পৰা বিৰত থকাত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তৰুণী চিকিৎসকক ধর্ষণ- হত্যাৰ দোষীক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি বিহাৰ দাবীত আই এম এয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে ঘটনাটো সংঘটিত হোৱাৰ দিনাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত আৱাসিক চিকিৎসকসকলে প্রতিবাদী কার্যসূচী অব্যাহত ৰাখিছে। লক্ষণীয়ভাবে চিকিৎসক-শিক্ষার্থীসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমর্থন জনায় সম্পূর্ণৰূপে সহযোগিতা কৰে চিকিৎসাকর্মীসকলেও। চিকিৎসকসকলে ন্যায় আৰু শীঘ্ৰে সংস্কাৰ অৰ্থাৎ স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে অধ্যাদেশ জাৰি কৰাৰ দাবী জনাইছে। ইপিনে দিল্লীত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই চিকিৎসক- চিকিৎসাকর্মী সংগঠনৰ সৈতে মিলিত হয়। ফেডাৰেচন অৱ ৰেচিডেন্ট ডক্টৰ্ছ এছ’চিয়েচন (ফৰডা), আইএমএ, ৰেচিডেন্ট ডক্টৰ্ছ এছ’চিয়েচন অৱ গভর্নমেন্টেল মেডিকেল কলেজ এণ্ড হাস্পতালৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। চিকিৎসকসকলক ধৰ্মঘট প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাই স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে কমিটী গঠন কৰাৰ প্ৰতিশ্রুতি দিয়ে স্বাস্থ্য মন্ত্রালয়ে। এই কমিটীত ৰাজ্য চৰকাৰৰ লগতে সকলো অংশীদাৰক সাঙুৰি লোৱা হ’ব। ইপিনে চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰি থকা চিবিআয়ে ঘটনা সংঘটিত আৰ জি কৰ মেডিকেল কলেজত উপস্থিত হৈ তথ্য-সাক্ষ্য সংগ্ৰহ কৰিছে। চিকিৎসকৰ ধৰ্ষণ- হত্যাকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পশ্চিমবংগ চৰকাৰে চিকিৎসক, অধ্যাপকসহ ৪২জনক বদলি কৰিছে। বদলি কৰা এই চিকিৎসকৰ ভিতৰত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ পৰাও দুজনক বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই চিকিৎসক বদলিকৰণ প্ৰক্ৰিয়া তীব্র বিতৰ্কৰ মাজত সোমাই পৰিছে। বিজেপিয়ে ৰাজ্য চৰকাৰৰ এই বদলিকৰণক গৰিহণা জনাইছে। মমতা বেনার্জী নেতৃত্বাধীন চৰকাৰখনে জ্যেষ্ঠ চিকিৎসক সমুদায়ক শংকিত কৰিবলৈ এনে পদক্ষেপ লৈছে বুলি সমালোচনা কৰিছে। ইউনাইটেড ডক্টৰ্ছ ফ্রন্ট এছ’চিয়েচনে মমতা বেনাৰ্জীৰ এই কাৰ্যক তীব্র ভাষাৰে গৰিহণা জনাইছে। প্রতিবাদী চিকিৎসকসকলক সমর্থন জনোৱাৰ বাবে এই বদলিকৰণৰ ব্যৱস্থা গ্রহণ কৰা বুলি অভিযোগ কৰিছে সংগঠনটোৱে।উল্লেখ্য যে আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালত যোৱা ৯ আগষ্টত কৰ্মৰত প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসক এগৰাকীৰ অর্ধনগ্ন মৃতদেহ উদ্ধাৰ হৈছিল। এই ঘটনাই সম্প্রতি দেশজুৰি তীব্ৰ প্ৰতিবাদৰ জোৱাৰ তুলিছে।