পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ টেবুল টেনিছ দলৰ অভিযান সমাপ্ত
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ টেবুল টেনিছ দলটোৰ অভিযান সমাপ্ত । চীনৰ হাতত ৩-০ ব্যৱধানত ভাৰতীয় দলটো পৰাস্ত হয় । ফলত ভাৰতীয় দলটোৱে ৰাউণ্ড অব ১৬-ৰ পৰা উত্তৰণ ঘটাব নোৱাৰিলে আৰু প্ৰাক-কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হয় ।ভাৰতীয় দলটোত মানৱ ঠাক্কৰ, শৰথ কমল আৰু হৰমিত দেশাইৰ দৰে তাৰকা খেলুৱৈ আছিল । আনহাতে, চীনা দলটোত ৱাং চুকিন, মা লং আৰু ফেন জেদং আছিল । ভাৰত আৰু চীনৰ মাজত প্ৰথমখন মেচ ডাবলছ বিভাগত খেলা হৈছিল । মেচখনত ভাৰতৰ হৰমিত দেশাই আৰু মানৱ ঠাক্কৰে অংশগ্ৰহণ কৰে । আনহাতে, চীনা দলৰ হৈ ৱাং চুকিন আৰু এম এ লংকে অংশগ্ৰহণ কৰে । চীনে মেচখনত ভাৰতক ৩-০ ব্যৱধানত পৰাস্ত কৰে । এই মেচখনত ভাৰতে ২-১১, ৩-১১ আৰু ৭-১১ ব্যৱধানত পোনপটীয়া ছেটত পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । আনহাতে, ভাৰত আৰু চীনৰ মাজত দ্বিতীয়খন মেচ একক বিভাগত অনুষ্ঠিত হয় । এই মেচখনত ভাৰতৰ শৰথ কমল আৰু চীনৰ ফেন জেদংকে পৰস্পৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । চীনে মেচখন ৩-১ ব্যৱধানত হস্তগত কৰে । মেচখনত শৰথে প্ৰথম ছেটটো ১১-৯ ব্যৱধানত জয়লাভ কৰে । কিন্তু পিচত একেৰাহে তিনিটা ছেটত ক্ৰমে ৭-১১, ৭-১১ আৰু ৫-১১ ব্যৱধানত পৰাজিত হয় । ভাৰত আৰু চীনৰ মাজত তৃতীয়খন মেচো একক শাখাত অনুষ্ঠিত হয় । মেচখনত ভাৰতৰ মানৱ ঠাক্কৰ আৰু চীনৰ ৱাং চুকিনৰ মাজত প্ৰতিদ্বন্দ্বিতা হয় । মেচখনত ঠাক্কৰে ০-৩ ব্যৱধানত পৰাজয়বৰণ কৰে । ভাৰত ৯-১১, ৬-১১ আৰু ৬-১১ ব্যৱধানত পৰাজিত হয় । ইয়াৰ লগে লগে ভাৰতে তিনিটা পৰাজয়েৰে দলীয় বিভাগটোত ৩-০ব্যৱধানত পৰাজিত হয় ।