মূল্যবোধৰ শিক্ষাৰে শিশুক গঢ় দিও আহক – উৎপল কলিতা,মঙলদৈ,দৰং

পিতৃ-মাতৃক অৱলম্বন কৰিয়েই শিশু নামি আহে ধৰাৰ বুকুলৈ । সেয়ে পিতৃ-মাতৃয়েই শিশুৰ প্ৰধান অৱলম্বন । লতা যেনেকৈ এডাল গছক আশ্ৰয় কৰি বাঢ়ি আহে, ঠিক তেনেকৈ শিশুৱেও পিতৃ-মাতৃক আশ্ৰয় কৰি বাঢ়ি আহে । পিতৃ-মাতৃৰ ওচৰতে শিশুৰ শিক্ষাৰ প্ৰথম পাঠ । পিতৃ-মাতৃয়েই শিশুৰ জীৱন্ত বেদ । পিতৃ-মাতৃক অৱলম্বন কৰিয়েই শিশুৱে শিশুজগত আৰু জীৱনক জানিব শিকে । পিতৃ-মাতৃক অনুকৰণ আৰু অনুসৰণ কৰিয়েই শিশুৰ চলা-ফুৰা, কথা কোৱা, আচাৰ-ব্যৱহাৰ সকলোবোৰ নিয়ন্ত্ৰিত হয় । সেয়ে পিতৃ-মাতৃৰ আচাৰ-ব্যৱহাৰ যদি শুদ্ধ হয়, তেনেহ’লে এই শিক্ষাই শিশুক সুশিক্ষিত কৰি তোলে । এই সৰলমতিৰ শিশুক আমি একাংশ পিতৃ-মাতৃয়ে গোল্লাৰ সদৰ দুৱাৰদলিত পঠাই দিছো । কিন্তু কেনেকৈ ? ইয়াৰ কাৰণ সমূহ পৰ্যবেক্ষণ কৰিলে আমি দেখা পাওঁ—–

সন্তান তথা শিশুৰ সন্মুখত স্বামী-স্ত্ৰীৰ কাজিয়া কৰা, অন্যৰ সন্মুখত স্ত্ৰীক নিন্দা কৰা কিম্বা অন্যৰ সন্মুখত স্বামীক নিন্দা কৰা আদি কাৰ্যই শিশুৰ মনোবলত তীব্ৰ আঘাত হানে । সেয়ে বিদ্যালয়ৰ শিক্ষা লাভৰ আগতে শিশুৰ ঘৰৰ শিক্ষা যদি সুস্থ নহয়, তেনেহ’লে শিশুৰ শিষ্ট স্বভাৱ কেতিয়াও গঢ় লৈ নুঠে । সেয়েহে আমি সকলোৱে নিজৰ ঘৰত এক শিক্ষাৰ মনোৰম পৰিৱেশ গঢ় দিব লাগে । তেতিয়াহে আমাৰ শিশুসকল মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ প্ৰকৃত মানুহ হ’ব পাৰিব ।

মূল্যবোধ গঠনত পিতৃ-মাতৃৰ যেনেদৰে ভূমিকাৰ প্ৰয়োজন ঠিক তেনেদৰে শিক্ষকৰো ভূমিকাৰ প্ৰয়োজন । ঘৰত পিতৃ-মাতৃৰ আচৰণে যেনেকৈ শিশুৰ ওপৰত প্ৰভাৱ পেলায়, তেনেকৈ এজন শিক্ষকৰ আচাৰ-আচৰণে শিশুৰ ওপৰতো প্ৰভাৱ পেলায় । শিক্ষকৰ কাম কেৱল মাত্ৰ শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীসকলক কিছুমান তত্ত্ব সৰবৰাহ কৰাই নহয় । শিক্ষক হৈছে— Artificer of mind and noble life অৰ্থাৎ মন আৰু মহৎ জীৱনৰ কাৰিকৰ । শিক্ষকৰ প্ৰসঙ্গত কবিগুৰু ৰৱীন্দ্ৰ নাথ ঠাকুৰে কৈছিল— ” শিক্ষকৰ জ্ঞান শিখা যদি প্ৰজ্জ্বলিত নাথাকে, তেতিয়া শিক্ষাৰ্থীৰ জ্ঞান প্ৰদীপক কেনেকৈ সি প্ৰজ্জ্বলিত কৰিব ।” সেয়ে শিক্ষাৰ্থীৰ জ্ঞানৰ পিপাসা শ্ৰীবৃদ্ধি কৰিবলৈ হ’লে প্ৰত্যেক গৰাকী শিক্ষক অধ্যাৱসায়ী হ’ব লাগিব । তেতিয়াহে তেওঁ শিক্ষাৰ্থীৰ ওচৰত প্ৰকৃত বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হৈ উঠিব ।

বিদ্যালয়ৰ শিক্ষাৰ লগতে আমি আমাৰ শিশুক যদি মনুষ্যত্ব বিকাশৰো শিক্ষা দিও তেনেহ’লে এদিন আমাৰ শিশুসকল প্ৰকৃত মানুহৰূপে গঢ় লৈ উঠিব । তেতিয়া শিশুসকল পৰৱৰ্তী জীৱনত পিতৃ-মাতৃ, প্ৰতিবেশী, সমাজ তথা ৰাষ্ট্ৰৰ বোজা হৈ নাথাকে ।

সেয়েহে আমি সকলোৱে মূল্যবোধৰ শিক্ষাৰে শিশুক গঢ় দিও আহক । তেতিয়াহে সেই শিশুই এদিন সমাজ তথা ৰাষ্ট্ৰৰ প্ৰকৃত মানুহ ৰূপে প্ৰতিপন্ন হ’ব । কাৰণ শিশুসকলেই হৈছে সমাজ তথা দেশৰ ভৱিষ্যত । সেয়েহে শিশুসকলক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰিলেহে আমি আমাৰ সমাজ তথা দেশক এক সুন্দৰ ভৱিষ্যতলৈ লৈ যাব পাৰিম বুলি মোৰ দৃঢ়বিশ্বাস ।