ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নৰিন্দৰ বাট্ৰাই জনাই যে টকিঅ অলিম্পিকলৈ ভাৰতৰ ২২৮ জনীয়া দল এটি প্ৰেৰণ কৰা হব

pc-voice ofamerica

ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নৰিন্দৰ বাট্ৰাই জনাই যে টকিঅ অলিম্পিকলৈ ভাৰতৰ ২২৮ জনীয়া দল এটি প্ৰেৰণ কৰা হব

অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে অলিম্পিকগামী এথলীটসকলৰ ভাচুৱাল মীটৰ সময়তে এই কথা প্ৰকাশ কৰে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নৰিন্দৰ বাট্ৰাই। তেওঁ কয় যে এই ২২৮ জনীয়া দলটোত আছে ১১৯ গৰাকী এথলীট। ইয়াৰ ভিতৰত ৬৭ গৰাকী পুৰুষ আৰু ৫২ গৰাকী মহিলা এথলীট। একেদৰে দেশৰ এথলীটসকলে টকিঅ’ অলিম্পিকত ৮৫ টা ইভেণ্টত অংশ ল’ব। ভাৰতৰ প্ৰথমটো দল অহা ১৭ জুলাইত টকিঅ’লৈ উৰা মাৰিব। এই দলটোত থাকিব ৯০ গৰাকী এথলীট। ইফালে টকিঅ’লৈ উৰা মৰা এথলীটসকলৰ সৈতে এক ভাচুৱেল মীটত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। খেলুৱৈসকলক উৎসাহিত কৰি তেওঁ নিজৰ প্ৰত্যাশা অনুসৰি অলিম্পিকত প্ৰৰ্দশন আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে যেতিয়াই কোনো এগৰাকী এথলীট এই পযায়ত উপনীত হয় তেতিয়াই তেওঁলোকৰ পৰা সকলোৱে যথেষ্ট আশা কৰে। অলিম্পিকত অংশ লোৱা খেলুৱৈসকলে দেশবাশীক গৌৰৱান্বিত কৰিব বুলি সকলোৰে বিশ্বাস।