মানকটা শাখা সাহিত্য সভাৰ উদ্যোগত ড৹ লীলা গগৈৰ স্মৃতিচাৰণ সভা

মানকটা শাখা সাহিত্য সভাৰ উদ্যোগত ড৹ লীলা গগৈৰ স্মৃতিচাৰণ সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মানকটা শাখা সাহিত্য সভাৰ উদ্যোগত মানকটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ আদৰণী সমিতিৰ সহযোগত ডিব্ৰুগড় মিলন নগৰস্থিত মিলনজ্যোতি সংঘৰ প্ৰাঙ্গণত অসমৰ বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° লীলা গগৈ মৃত্যুবাৰ্ষিকৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা আজি (২৩ জুলাই)অনুষ্ঠিত কৰা হয়।‌ মানকটা শাখা সাহিত্য সভাৰ সম্পাদক নৱনীতা শ্যাম উৰঙীয়া, উপ-সভাপতি তথা আদৰণী সমিতিৰ সম্পাদক কুসুম সোনোৱাল শইকীয়া, উপদেষ্টা তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াই যুটীয়াভাবে আঁতধৰা স্মৃতিচাৰণ অনুষ্ঠানত সভাপতিত্ব কৰে মানকটা শাখাৰ সভাপতি পোনা সোনোৱালে। অনুষ্ঠানৰ আৰম্ভণিতে শাখাৰ সদস্য সকলৰদ্বাৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীত পৰিৱেশনৰ পাছতে ড° লীলা গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শাখাৰ সভাপতিয়ে। সভাত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈ, মিলনজ্যোতি সংঘৰ উপ-সভাপতি জ্ঞান শৰ্মাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে ডিব্ৰু মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড৹ জিতু বুঢ়াগোহাঁয়ে ভাষণ প্ৰদান কৰি ড৹ লীলা গগৈৰ ৰচনাৰাজিৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে তথ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। এই সভাতে মানকটা শাখাৰ সদস্য সকলৰ দ্বাৰা এই মহান ব্যক্তিৰ বিষয়ে নিজস্ব অনুভৱ ব্যক্ত কৰাৰ উপৰিও ড° লীলা গগৈৰ দ্বাৰা ৰচিত কবিতা পাঠ আৰু গীত পৰিৱেশনেৰে তেখেতক স্মৰণ কৰা হয়। মানকটা শাখা সাহিত্য সভাৰ উপদেষ্টা অনিমা কোঁচ গগৈ, সাংগঠনিক সম্পাদক তথা আদৰণী সমিতিৰ সাংস্কৃতিক সম্পাদক কুশল কোঁৱৰ, সহকাৰী সম্পাদকদ্বয় ৰঞ্জু সোনোৱাল আৰু দীপৰেখা সোনোৱাল, ‘আকাশ’ৰ আহ্বায়ক ৰিণু বৰগোহাঞি, পত্ৰিকা সম্পাদক অৰুণিমা বৰুৱা, প্ৰচাৰ সম্পাদক তৰুণজ্যোতি ফুকন, সাংগঠনিক সম্পাদক পৰমানন্দ নাথ, সদস্য ক্ৰমে মনোৰমা বাথৌ, প্ৰশান্ত শইকীয়া, ভাস্কৰ জ্যোতি বড়া, ডাঃ গুণকান্ত উৰঙীয়া, ৰাণা মেচ আদি প্ৰমুখ্যে কৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।‌ এই সভাতে মানকটা শাখা সভাৰ আজীৱন সভ্য তথা সাংবাদিক প্ৰশান্ত শইকীয়াক “অসম কণ্ঠৰ ২০২৩-২৪ বৰ্ষৰ সংক্ৰিয় সাংবাদিকতা বঁটা” লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। শলাগৰ শৰাইৰ পাছতে জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সমাপ্তি ঘটে।