ৰাইজৰ দলৰ সভাপতি তথা  বিধায়ক অখিল গগৈৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল

ৰাইজৰ দলৰ সভাপতি তথা  বিধায়ক অখিল গগৈৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অসমৰ ভয়াৱহ বান পৰিস্থিতিক বান সদৃশ পৰিৱেশ বুলি কৰা মন্তব্যই অসমবাসীক চৰম অপমান কৰা বুলি উল্লেখ কৰি কয় যে এইবাৰৰ বানত ৰাজ্যৰ ২৪ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে। আৰু কিমান লাখ ক্ষতিগ্ৰস্ত হ’লে কেন্দ্ৰই পুঁজি মোকলাই দিব বুলি প্ৰশ্ন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছে বিধায়ক গগৈয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা কৰিলে বাহিৰৰ পৰা মানুহ নাহিব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেন্তে অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমাধান কি থাকিব বুলি প্ৰশ্ন কৰে। প্ৰসংগত অখিল গগৈয়ে গোৱা, মুম্বাই, কেৰেলাত চাইক্লনত মানুহ মৰাৰ পাছতো তালৈ মানুহ নাযায় নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক চুট-বুট মন্ত্ৰী আখ্যা দি এনেকুৱা লাগে যেন কোনোবা ৰজা মহাৰজাহে আহিছে। বানাক্ৰান্তৰ ওচৰত তেওঁৰ বডি লেংগুৱেজ অলপ সলনি কৰিবলৈ জনালে আহ্বান। বানপীড়িতৰ খবৰ ল’বলৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আহি গ’ল, কিন্তু ডিঙিত গামোচা আঁৰি থকা প্ৰধানমন্ত্ৰী আজি ক’ত গ’ল। বানপানীক লৈ বিশেষ বিধানসভা অধিবেশন অনুষ্ঠিত কৰাৰ দাবী বিধায়ক অখিল গগৈৰ। ৫০,০০০ কোটি টকা অসমৰ বানপানীৰ বাবে কেন্দ্ৰক দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ। ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতিক লৈয়ো মন্তব্য অখিল গগৈৰ। ডিব্ৰুগড় নগৰখন সুৰক্ষা নলাটো কেতিয়া নিৰ্মাণ হ’ব? নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাললৈ প্ৰশ্ন। ড০হিমন্ত বিশ্ব শৰ্মাই ২২ বছৰ মন্ত্ৰী হিচাপে থাকি অসমৰ এটা সমস্যাও সমাধান কৰিব নোৱাৰিলে বুলি আক্ষেপ প্রকাশ প্ৰকাশ বিধায়ক অখিল গগৈৰ।