আস্থা ভোটত জয়লাভ কৰিছে হেমন্ত ছোৰেন চৰকাৰে

আস্থা ভোটত জয়লাভ কৰিছে হেমন্ত ছোৰেন চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডৰ হেমন্ত ছোৰেন চৰকাৰে আস্থা ভোটত জয়লাভ কৰিছে । বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়ছোৱাত সদনত আস্থা প্ৰস্তাৱ আগবঢ়াইছিল হেমন্ত ছোৰেনে। এই প্ৰস্তাৱৰ সপক্ষে মুঠ ৪৫ টা ভোট পোৱাৰ বিপৰীতে বিৰোধীৰ পক্ষত নপৰিল এটাও ভোট।সদনত আস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ অন্তত ভোটগ্ৰহণ কৰা হয় । ভোটদানৰ সময়তো ধাৰাবাহিকভাৱে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । হুলস্থুলৰ মাজতে ভোটগণনা কৰা হয় । ইফালে, এন ডি এৰ বিধায়কসকলে সদনৰ পৰা ওলাই আহিল । ভোটদানত অংশ লোৱা নাছিল এন ডি এৰ বিধায়কসকলে । ইয়াৰ বাবেই এই প্ৰস্তাৱৰ বিৰুদ্ধে এটাও ভোট নপৰিল । আনহাতে নিৰ্দলীয় বিধায়ক সৰযু ৰায় নিৰপেক্ষ হৈ থাকিল । ভোটদানৰ অন্তত বিধানসভাৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয় ।