সকলো প্ৰভুৰ ইচ্ছা
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
সংসাৰত য’ত যিমান কুকৰ্ম আমি কৰো সকলো প্ৰভুৰ ইচ্ছা নে আমাৰ স্বাৰ্থ ৷ প্ৰভুৰো কিবা ইচ্ছা থাকিব পাৰে জানো? ইচ্ছা কাৰ সৃষ্টি,ইচ্ছা য’ত থাকে কামনা আৰু স্বাৰ্থ ৷ প্ৰভু এক উচ্চতম ব্যাখ্যা আৰু ইচ্ছা হ’ল নিম্নগামীতা ৷ জীৱনত সাৰ্থকতা নাথাকিলে,নিজে সজাই লোৱা বন্দীত্বৰ মেৰপেছৰ পৰা উদ্ধাৰ হব নোৱাৰি প্ৰভুৰ দোহাই দি আমি নিজস্ব স্বাৰ্থ সিদ্ধিৰ প্ৰয়াস কৰো ৷ কিন্তু প্ৰভুৰ বিন্দু এটাৰ সমান হোৱাৰও আমাৰ যোগ্যতা নাই ৷ পৃথিৱী প্ৰভুৰ সৃষ্টি,জীৱজন্তু প্ৰভুৰ সৃষ্টি গতিকে সকলো প্ৰভুৰ ইচ্ছা ৷ সচাকৈয়ে সকলো প্ৰভুৰ ইচ্ছানে ? আমাৰ স্বাৰ্থলোভী কামনাৰ বলি ধ্বংসমুখী পৃথিৱীখনো প্ৰভুৰ ইচ্ছানে? জীৱশ্ৰেষ্ঠৰ অত্যাচাৰৰ কৱলত নিশেষ হোৱা বিভিন্ন প্ৰজাতিও প্ৰভুৰ ইচ্ছানে? প্ৰভুক আমি নিজস্ব স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰো ৷ প্ৰভু হ’ল মানুহৰ মনেসজা এটা কল্পনা ৷ যাৰ আৰত আমি সমস্ত কুকৰ্ম কৰাৰ লাইচেঞ্চ পাওঁ ৷ প্ৰভু মানে মনোৰঞ্জন,৯০,৮০ দশকৰ প্ৰভুক যেতিয়া আমি টিভিত প্ৰত্যক্ষ কৰিছিলোঁ তেতিয়া কেনেকুৱা আছিল আৰু আজি আধুনিক যুগৰ প্ৰভুক যদি আমি টিভিত প্ৰত্যক্ষ কৰো তেতিয়া কেনেকুৱা দেখিবলৈ পাওঁ ৷ এতিয়াৰ প্ৰভুৰ শৰীৰ হাইলাখ bodybuilder টাইপ ৷ আগৰ দিনৰ প্ৰভুৰ মুখৰ বাক্যত শালীনতা আছিল বৰ্তমানৰ প্ৰভুৰ মুখত অশালীন বাক্য ৷ হিন্দী চলচ্চিত্ৰ জগতৰ আদিপুৰুষ চিনেমাখন চালে বৰ্তমানৰ প্ৰভুৰ চৰিত্ৰৰ উমান পোৱা যায় ৷ মুঠতে সময় সলনি হ’লে প্ৰভুৰ চৰিত্ৰ আৰু বাক্য সলনি হৈ পৰে ৷ আমি জীৱশ্ৰেষ্ঠ প্ৰভু এতিয়া আমাৰ হাতৰ মুঠিত,আমাৰ যিটো ইচ্ছা আমি প্ৰভুক তেনেকুৱা আকাৰ দিব পাৰো ৷ আমি ডাঙৰ বিলাসী মঠমন্দিৰ সাঁজি উলিয়াব পাৰো,তাত আমি প্ৰভুক উচ্চ আসনত বহুৱাই প্ৰাণপ্ৰতিষ্ঠা কৰিব পাৰো ৷ সকলো যে প্ৰভুৰে ইচ্ছা, সঁচাকৈ সকলো প্ৰভুৰে ইচ্ছানে? প্ৰভুৰ বাস্তৱিক অৰ্থ আমি বুজিবলৈ আগ্ৰহীনে? নে আমি কেৱল অন্ধভক্তৰ দৰে কোনোবাই আমাক প্ৰভুৰ ধাৰণা এটা দিছে তাকে আমি অন্ধহৈ অনুসৰণ কৰি যাম ৷ যিটো সময়ত সমগ্ৰ বিশ্ব হিংসা,যুদ্ধবিগ্ৰহ আৰু অন্ধকাৰৰ মাজত ডুব গৈ আছিল সেইসময়ত ভাৰতবৰ্ষই একমাত্ৰ দেশ আছিল যি দেশে সমগ্ৰ বিশ্বক শান্তিৰমাৰ্গ দেখুৱাইছিল ৷ সেয়া একমাত্ৰ সম্ভৱ হৈছিল আমাৰ যুগযুগান্তৰৰ সাধনা আৰু তপস্যাৰ ফলত,ভাৰতবৰ্ষৰ এই পবিত্ৰ ভূমিতেই শ্ৰীকৃষ্ণই পাণ্ডৱ পুত্ৰ অৰ্জুনৰ জৰিয়তে সমগ্ৰ মানৱজাতিক গীতাৰ জ্ঞান দিছিলে ৷ কিন্তু এতিয়া সকলো পাহৰণিৰ গৰ্ভত ৷ বৰ্তমান আমি কুৰীতিনীতি,কুসংস্কাৰক আমি আদৰ্শ হিচাপে লৈ কুকাৰ্য কৰাত ব্যস্ত ৷ যাৰফলত উন্নতিৰ শিখৰত থাকিবলগীয়া ভাৰতবৰ্ষ আজি প্ৰায় সকলো দিশতে পিছপৰা ৷ আমাৰ ভিতৰত থকা অমৃতময় জ্ঞানক গুৰুত্ব নিদি পশ্চিমৰ অলাগতীয়া পৰম্পৰা সভ্যতাক আকোঁৱালি লোৱা দেখা যায় ৷ আমাৰ মুৰ্খামি আমাৰ অজ্ঞানতা,অৱহেলা প্ৰভুৰ ইচ্ছা নহয়,প্ৰভুৰ ইচ্ছা সমগ্ৰ মানৱজাতিৰ উদ্ধাৰ আৰু কল্যাণ ৷