জ্যেষ্ঠ নেতা তথা  দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ লালকৃষ্ণ আদৱানি অসুস্থ

জ্যেষ্ঠ নেতা তথা  দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ লালকৃষ্ণ আদৱানি অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা  দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ লালকৃষ্ণ আদৱানি হঠাতে অসুস্থ হৈ পৰে।দিল্লীৰ এইমছত ৰাজনীতিবিদগৰাকীক ভৰ্তি কৰা হয় । অৱশ্যে শেহতীয়াকৈ চিকিৎসকে সদৰি কৰিছে যে, বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ।ভাৰতৰত্ন তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰীগৰাকীক বৰ্তমান চিকিৎসকে তত্বাৱধানত ৰাখিছে। চিকিৎসকে সদৰি কৰা অনুসৰি, বয়সজনিত কিছু সমস্যাত ভুগি আছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী।৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক শেহতীয়াকৈ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপক লালকৃষ্ণ আদৱানিৰ অসুস্থতাৰ বাতৰি পোৱাৰ লগে লগে অগণন গুণমুগ্ধই হাস্পতালত ভিৰ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫১চনত জন্ম হৈছিল লালকৃষ্ণ আদৱানিৰ। শ্যামা প্ৰসাদ মুৰ্খাজীয়ে যেতিয়া জন সংঘ স্থাপন কৰিছিল, তেতিয়াই পাৰ্টিৰ সচিব পদত আছিল লালকৃষ্ণ আদৱানি। ১৯৭৩ৰ পৰা ১৯৭৭চনলৈকে জনসংঘৰ অধ্যক্ষৰ পদতো আছিল তেওঁ। ১৯৮০চনত বিজেপি গঠন হোৱাৰ পাছত অন্যতম এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল লালকৃষ্ণ আদৱানি। ১৯৮৬ৰ পৰা ১৯৯১ৰ লৈকে বিজেপিৰ অধ্যক্ষ পদতো আছিল তেওঁ।তিনিবাৰকৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল আদৱানি। ৫বাৰকৈ লোকসভাৰ সাংসদ, ৪বাৰ ৰাজ্যসভাৰ সাংসদৰ লগতে ১৯৭৭চনৰ পৰা ১৯৭৯ৰ লৈকে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। গুজৰাটৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা আৰম্ভ কৰা মানুহজনেই আছিল লালকৃষ্ণ আদৱানি। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰটো অন্যতম ভূমিকা আছে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ।