বৰ্তমানৰ অসম চৰকাৰৰ কাম-কাজ সম্পৰ্কে অনুভৱ – অনামিকা (সংগীতা )কলিতা

Pc The Sentinel Assam

বৰ্তমানৰ অসম চৰকাৰৰ কাম-কাজ সম্পৰ্কে অনুভৱ

অনামিকা (সংগীতা )কলিতা,শুৱালকুছি

মতামতৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ।বৰ্তমান আমাৰ অসম চৰকাৰখন এটা ৰাষ্ট্ৰীয় দলৰ চৰকাৰ।চৰকাৰ এখনৰ ওপৰত জনসাধাৰণৰ বহুত আশা-আকাঙ্খা সোমাই থাকে,কিন্তু সকলো আশা পূৰ্ণ কৰা অসম্ভৱ। আমাৰ অসমৰ শ্ৰদ্ধাৰ  মাননীয় মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত  বিশ্ব শৰ্মা মহোদয় এজন অভিজ্ঞ  ,সুচতুৰ ৰাজনীতিবিদ। তেখেতৰ দৰে এজন  সুদক্ষ ব্যক্তিক আমি মুখ্যমন্ত্ৰী হিচাপে পাই গৌৰৱ অনুভৱ কৰো।  তেখেতৰ পৰিচালনাত চৰকাৰ সুন্দৰ কৈ দুবছৰ অতিক্ৰম কৰিলে,অভিনন্দন জনাইছোঁ।  বৰ্তমান অসম চৰকাৰৰ কাম-কাজৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণ কৰি চলাইছে ,যদিও দুই এটা আসোঁৱাহে আমাৰ দৰে মধ্যবিত্ত লোকক বাৰুকৈয়ে সমস্যাৰ সৃষ্টি কৰিছে।

উদাহৰণস্বৰূপে  মূল্যবৃদ্ধি। ৰন্ধনগেছ ,বিজুলী বাতি বিল পূৰ্বৰ তুলনাত  যথেষ্ট বৃদ্ধি পাইছে। যাৰ ফলত পৰিয়ালৰবোৰত অত্যাৱশকীয় সামগ্ৰী খিনি যোগান ধৰিবলৈ অকণমান চিন্তা কৰিবলগীয়া হৈছে।

বৰ্তমান চৰকাৰে লোৱা পদক্ষেপত ,গাঁও/নগৰ অঞ্চলৰ ৬০% বাট-পথবোৰ  উন্নত হৈছে, যদিও চৰকাৰী আঁচনি সমূহ ভালদৰে ৰূপায়ণ হোৱা নাই। আচনি সমূহ সু-নিয়ন্ত্ৰিত  ভাবে পৰিকল্পনা কৰি, সুদক্ষ ব্যক্তিৰ হাতত পৰিলে নিশ্চয় কাৰ্যকৰী সঠিক ৰূপ পালে হেতেন।কূটীৰ শিল্পবোৰৰ কাৰণে  চৰকাৰে  সুন্দৰ পদক্ষেপ লোৱা দেখা গৈছে   ,কিন্তু বাস্তৱত জনাসাধাৰণে উপকৃত হোৱা নাই।  এই ক্ষেত্ৰত চৰকাৰক দোষ দিলেই নহ’ব আমাৰো দায়িত্ব আছে।আচনি সমূহ সঠিক ৰূপত ৰূপায়ণ নহ’লে জনসাধাৰণৰ ফলপ্ৰসূ নহয়। আচনিখনো অথলে যায়।

মোৰ ল’ৰাটো বিশেষ ভাৱে সক্ষম ৯০%খোজ কাঢ়িব নোৱাৰে কথা ক’বও নোৱাৰে ,গা-ধুৱাই দিয়া পৰা খুৱাই দিয়ালৈকে সকলো কৰিব লাগে।আমি তাক মৰমেৰে আবৰি আছোঁ ।কিন্তু কিছুমান এনেকুৱা পৰিয়াল আছে বিশেষ ভাৱে সক্ষম সন্তানটোক চাব নে দিন হাজিৰা কৰিব যাব । সেই সকলৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য পোৱাটো উচিত। তেনে হ’লেহে  শ্ৰদ্ধাৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা দেৱে কোৱা যোগ্য ভোগ্য বসুন্ধৰা শব্দটোৰ অৰ্থ পৰিপূৰ্ণ  হ’ব ।