এছ. এফ. দি.ৰ উদ্যোগত প্লাষ্টিক মুক্ত অম্বুবাচী আৰু চাফাই অভিযান

এছ. এফ. দি.ৰ উদ্যোগত প্লাষ্টিক মুক্ত অম্বুবাচী আৰু চাফাই অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  কামাখ্যা মন্দিৰত আৰম্ভ হোৱা অম্বুবাচী মেলাত এবিভিপিৰ এচ এফ দি ৰ তৰফৰ পৰা চাফাই আৰু প্লাষ্টিক মুক্ত অম্বুবাচী অভিযান চলোৱা হয়। য’ত এবিভিপিৰ বহুকেইজন কাৰ্যকৰ্তা উপস্থিত হৈ কামাখ্যা ধামৰ অঞ্চলটি চাফাই কৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে এবিভিপিৰ পৰিৱেশ সুৰক্ষা আৰু সজাগতাৰ বাবে কাম কৰি অহা গতিবিধি হৈছে এছ. এফ. ডি.। এই এছ. এফ. ডি.ৰ জৰিয়তে এবিভিপিয়ে সমগ্ৰ ভাৰতবৰ্ষত পৰিৱেশৰ সুৰক্ষা আৰু সজাগতাৰ বাবে কাম কৰি আহিছে। তাৰ অংশ হিচাপে এছ. এফ. ডি. ৰ উদ্যোগত অসমৰো বিভিন্ন স্থানত পৰিৱেশ সজাগতামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অহা হয় । আজিৰ এই কাৰ্যসূচীত গুৱাহাটী মহানগৰীৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি এই বৃহৎ উৎসৱটি পৰিষ্কাৰ পৰিচন্ন কৰি অনুষ্ঠিত হোৱাত নিজৰ অৰিহণা যোগায়।