মানকাচৰৰ প্ৰাক্তন বিধায়িকা হুছেনাৰা বেগমক শ্ৰদ্ধাঞ্জলি জনাবলৈ বাসগৃহত উপস্থিত হ’ল অগপৰ প্ৰতিনিধি দল

মানকাচৰৰ প্ৰাক্তন বিধায়িকা হুছেনাৰা বেগমক শ্ৰদ্ধাঞ্জলি জনাবলৈ বাসগৃহত উপস্থিত হ’ল অগপৰ প্ৰতিনিধি দল

ৰঙিলী বাৰ্ত্তাসেৱা- ধুবুৰী জিলাৰ মানকাচৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জাবেদ ইছলামৰ মাতৃৃ, বিশিষ্ট সমাজকর্মী তথা অসম চৰকাৰৰ প্রাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ সহধৰ্মিণী হুছেনাৰা ইছলামৰ যোৱা ১৭ জুনত বিয়োগ হয়। তেওঁৰ বিয়োগত অসম গণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। আজি সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ হৈ অসম গণ পৰিষদৰ এটা প্ৰতিনিধি দলে প্ৰয়াত হুছেনাৰা ইছলামৰ ধুবুৰীস্থিত বাসগৃহত উপস্থিত হৈ পুত্ৰ জাবেদ ইছলামৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু অসম গণ পৰিষদৰ তৰফৰপৰা গভীৰ সমবেদনা জ্ঞাপন কৰে। প্ৰতিনিধি দলটোত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জ্যোতিশ দাস আৰু অপূর্ব ভট্টাচার্য, সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰয় আৰু সত্যব্রত কলিতা, তথ্য আৰু প্ৰচাৰ সম্পাদক অংশুমান দত্ত আৰু অভয়াপুৰী বিধানসভা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণেন্দু বণিক্যই অংশগ্ৰহণ কৰে।আনহাতে, অসম গণ পৰিষদৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত আজি মানকাচৰ বিধানসভা সমষ্টি সমিতিৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। মানকাচৰ আজিজ মেমৰিয়েল পাবলিক ইনষ্টিটিউট লাইব্ৰেৰীত অনুষ্ঠিত এই সভাত বিগত লোকসভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে আগন্তুক দিনত অগপ দলে সমষ্টিটোত কৰিবলগীয়া কৰ্মসূচীৰ ওপৰতো আলোকপাত কৰা হয়। আব্দুল আৱালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জ্যোতিশ দাস আৰু অপূর্ব ভট্টাচার্য আৰু জাবেদ ইছলাম, সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰয় আৰু সত্যব্রত কলিতা, তথ্য আৰু প্ৰচাৰ সম্পাদক অংশুমান দত্ত, অভয়াপুৰী বিধানসভা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণেন্দু বণিক্যৰ উপৰি বিধানসভা সমষ্টিটোৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে।