জীৱন মানেই  হ’ল সমান্তৰাল – চন্দ্ৰ শেখৰ পৰাজুলী

জীৱন মানেই  হ’ল সমান্তৰাল

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

মই এই আলোচনাৰ মাধ্যমেৰে আপোনালোকক আমাৰ জীৱনৰ আচল তাৎপৰ্য খিনি একেবাৰে কম বয়সীয়া অনুভৱৰ জৰিয়তে একেবাৰে সহজ সৰল ভাষাত অবগত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ । আচলতে মই সৰ্বপ্ৰথমে উল্লেখ কৰিছোঁ যে জীৱন মানেই সমান্তৰাল । অৰ্থাৎ আমি নিজেই ইয়াক ইচ্ছা অনুসৰি সমান্তৰাল ৰূপ দিবলৈ সক্ষম হয় যদিওঁ সকলো মানুহৰ বাবে সমানেই সম্ভৱপৰো নহয় । কাৰণ আমাৰ জীৱনত আহি পৰা অতিমাত্ৰাত দুখ বা অতিমাত্ৰাত সুখৰ পৰিভাষা সমূহে আমাৰ জীৱনৰ গতিপথে সলনি কৰি দিয়ে । ফলত আমি তেতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈ পৰোঁ যে জীৱন মানেই সদায় অসামান্য। কিন্তু জীৱনত অসামান্য পৰিস্থিতিৰ উদ্ভাৱনৰ মূলতঃ হল প্ৰকৃতিয়ে স্বয়ং নিজে নানান মাধ্যমৰ জৰিয়তে আমাৰ জীৱনক লাহে লাহে কৰি সমান্তৰাল ৰূপত সজাবলৈ ইচ্ছা প্ৰকাশ কৰে। কাৰণ সুখ আৰু দুখ, ধনাত্মক আৰু ঋণাত্মক সমূহ হল একেটা মূদ্ৰাৰ দুটি অংশ।

জীৱনত কেতবোৰ বিষয়-বস্তু হয়তো কিছুমান মানুহে সময় থাকোতেই বুজি পাবলৈ সক্ষম হয় আৰু কিছুমান মানুহে সময় পাৰ হৈ যোৱাৰ পিছতো বুজি পাবলৈ সক্ষম নহয় । অৰ্থাৎ আমি জীৱনত সকলোবোৰ কথা কেৱল আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে বা অন্যান্য মানুহৰ জীৱন অভিজ্ঞতাৰ পৰা আয়ত্ব কৰিবলৈ সম্ভৱপৰ নহবওঁ পাৰো। কাৰণ কিছুমান শিক্ষা স্বয়ং  আত্ম উপলব্ধিৰ জৰিয়তে আয়ত্ব কৰি যাব লাগে। হয়তো আমি কিছুমান বিষয়ত শিক্ষা প্ৰদান কৰিব পাৰি । তথাপিওঁ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া নিজ নিজ বিবেক বুদ্ধিৰ ওপৰতে নিৰ্ভৰশীল হয়। সেয়েহে নিজৰ জীৱনত স্বয়ং নিজস্ব ভুমিকাবোৰ বৰ উল্লেখনীয় হৈ পৰে নহয়নে ? কেতিয়াবা একান্ততে বহি অধ্যয়ন কৰি চাবচোন যে দুখৰ অবিহনে সুখৰ কিবা অস্তিত্ব উল্লেখ কৰিব পাৰিনে। তথবা ঋণাত্মক দিশৰ অবিহনে ধনাত্মক দিশবোৰৰ কিবা অস্তিত্ব থাকিবগেনে। গতিকে আমাৰ জীৱনত সংগঠিত হোৱা নকাৰাত্মক পৰিস্থিতিৰ পিছত লাহে লাহে কৰি স্বকাৰাত্মক পৰিস্থিতিৰ উদ্ভাৱন হবলৈ আৰম্ভ কৰিব । ইয়াৰ বাবে হয়তো নিজেই সজাক হোৱা উচিত নাইবা প্ৰকৃতিয়ে নিজে নিজেই সেই দিশবোৰলৈ টানি লৈ যাবলৈ বাধ্য হৈ পৰে। কাৰণ আমাৰ গোটেই সৌৰজগতখনে এক সমান্তৰাল ৰূপত গতি কৰে। সেয়েহে নিজে নিজৰ জীৱনক সমান্তৰাল ৰূপত পৰিণত কৰিবলৈ শিক্ষা আয়ত্ব কৰক নহলে প্ৰকৃতিয়ে নিজে নিজৰ কৰ্মবোৰ কৰি যাবলৈ বাধ্য হৈ পৰে।আচলতে আমি বহুক্ষেত্ৰতে নিজৰ মাজতে ভ্ৰম উৎপন্ন কৰি থাকো যে,কৰ্ম বল বা অৰ্থ বলৰ জৰিয়তে বহুখিনি দিশকে আমি নিজৰ দখললৈ লৈ আহিব পাৰোঁ ।কিন্তু প্ৰকৃততে আমাৰ অজ্ঞাতে নিয়তিৰ ইচ্ছা অনুসৰিয়ে আমাৰ জীৱন সদায় সমান্তৰাল ৰূপত পৰিচালনা কৰিবলৈ বাধ্য কৰি তুলে।জীৱনৰ এই জটিল সূত্ৰবোৰ যিবোৰ মানুহে উপলব্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকেহে প্ৰকৃত অৰ্থত সৰ্বগুণ সম্পন্ন মানুহ। কবলৈ হয়তো বহুত সহজ কিন্তু ইয়াক আত্ম উপলব্ধিৰ জৰিয়তে অনুভৱ কৰিবলৈ অলপ জটিল ৰূপ ধাৰণ কৰে। সেয়েহে ইয়াক জীৱনৰ সমান্তৰাল অৱস্থাত বুজিবলৈ বহু সহজ হৈ পৰে আৰু জীৱনৰ ব্যতিক্ৰমী পৰিস্থিতি বোৰত আচল পৰীক্ষাত অবতীৰ্ণ হবলগীয়া হয়।