ডিব্ৰুগড়ত চিকল চেল এনিমিয়া নিৰ্মুল অভিযানৰ আৰম্ভণি

ডিব্ৰুগড়ত চিকল চেল এনিমিয়া নিৰ্মুল অভিযানৰ আৰম্ভণি
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  চিকল চেল এনিমিয়া সম্পৰ্কে সৰ্বব্যাপী সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে দেশ‌ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো ১৯ জুনৰ পৰা ৩ জুলাইলৈকে “চিকল চেল এনিমিয়া নিৰ্মুল সজাগতা ‌অভিযান” আৰু স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হৈছে। ১৯-৬-২৪ খোৱাং স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ চহৰীকটাত জিলা পৰ্যায়ৰ এক শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰি এই চিকল চেল এনিমিয়া সন্দৰ্ভত এক জন সজাগতা সভা অনুস্থিত কৰা হয়। তদুপৰি এক মেগা চিকল চেল এনিমিয়া নিৰ্মুলকৰণ শিবিৰো অনুষ্ঠিত কৰা হয় । চহৰীকটাৰ গাওঁ প্ৰধানে উদ্বোধন কৰা এই অনুষ্ঠানত ‌জিলা ন’ডেল‌ বিষয়া ডা: ডিম্পী বৰঠাকুৰ, জিলা গনমাধ্যম বিশেষজ্ঞ, ব্লকৰ চিকিৎসক-স্বাস্থ্য কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই শিবিৰত অতি কমেও ২০০ জন লোকৰ স্ক্ৰীনিং সম্পন্ন‌ কৰাৰ‌ লক্ষ্য‌ স্থিৰ কৰিছে স্বাস্থ্য বিভাগে।  আনহাতে জিলা খনৰ টেঙাখাত স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ  ২ নং ঢেকিয়াজান , কঠালগুৰি আৰু নাহৰনিৰ নাম ফাকিয়াল আয়ুষ্মান আৰোগ্য মন্দিৰতো চিকল চেল এনিমিয়া স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হয় । একেদৰে জিলা খনৰ সমূহ চৰকাৰী চিকিৎসালয় , উপস্বাস্থ্য কেন্দ্ৰ,‌ গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি দিৱস, মোবাইল মেডিকেল ইউনিটত এই চিকল চেল এনিমিয়া সম্পৰ্কে বিস্তাৰিতভাৱে ৰাইজক সজাগ কৰা হয় । চিকল চেল এনিমিয়া এটি জিনগত ত্রুটি । যেতিয়া কোনো ব্যক্তিৰ উভয় পিতৃ-মাতৃ  এই জিনৰ উত্তৰাধিকাৰী হয়, তেনে ক্ষেত্ৰত সেই ব্যক্তিজনৰ চিকেল চেল এনিমিয়াত ভোগাৰ সম্ভাৱনা গাঢ় হৈ‌ পৰে । সেয়েহে এই এনিমিয়া চিনাক্তকৰণ আৰু ইয়াৰ সম্পৰ্কে সৱিশেষ জনাতো অতিকে প্ৰয়োজনীয়।  উল্লেখযোগ্য যে, এই কাৰ্যসূচী অহা ৩ জুলাই লৈকে ডিব্ৰুগড় জিলাত অব্যাহত থাকিব।