মাজুলীত বিশ্ব ছিকল চেল (Sickle Cell) ৰোগৰ সজাগতা দিৱস পালন; তেজৰ নমুনা সংগ্ৰহ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- তেজৰ ছিকল চেল (Sickle Cell) বেমাৰৰ সজাগতা বৃদ্ধিৰ বাবে মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত নামনি মাজুলীত ” বিশ্ব ছিকল চেল” বেমাৰ সজাগতা দিৱস পালন কৰা হয়। নামনি মাজুলীৰ মালাপিন্ধা উপ-স্বাস্থ্য কেন্দ্ৰ অথাৎ মালা পিন্ধা আৰোগ্য মন্দিৰৰ সৌজন্যত মালা পিন্ধা জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত দুপৰীয়া পালন কৰা উক্ত ছিকল চেল বেমাৰ সজাগতা দিৱসত মুখ্য অতিথি হিচাপে জিলা সহকাৰী আয়ুক্ত (স্বাস্থ্য বিভাগ) তৰালী দাসে অংশগ্ৰহণ কৰি ছিকল চেল বেমাৰ বিষয়ে উপস্থিত ৰাইজক বুজাই কয়। জন্মৰ পৰা ৪০ বছৰ বয়সৰ সকলোকে ছিকল চেল বেমাৰ পৰীক্ষাৰ বাবে তেখেতে তেজৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। মালাপিন্ধা আৰোগ্য মন্দিৰৰ সামূহিক স্বাস্থ্য বিষয়া ফনীকান্ত ভূঞাই আঁত ধৰা উক্ত বিশ্ব ছিকল চেল বেমাৰ সজাগতা দিৱস উদ্দেশ্য ব্যাখ্যা কৰে মাজুলী জিলাৰ এপিডেমিউলজিষ্ট বৰষা বৰুৱাই । উদ্দেশ্য ব্যাখ্যাত ছিকল চেল বেমাৰৰ প্ৰতিৰক্ষাৰ বাবে তেজৰ পৰীক্ষা কৰাটো অতি আৱশ্যকীয় বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মাজুলী জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা০ লোকনাথ দেউৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ জিলা প্ৰগাম মেনেজাৰ ধ্ৰুৱজ্যোতি দাস, মাজুলী জিলা স্বাস্থ্য বিভাগৰ অমৰজিত শইকীয়াই অংশগ্ৰহণ কৰি ছিকল চেল বেমাৰৰ সজাগতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে ছিকল চেল বেমাৰ মানুহৰ তেজৰ এক প্ৰকাৰৰ বেমাৰ। এই বেমাৰত ৰক্ত কণিকাবোৰৰ আকাৰ সাধাৰণ (নৰমেল) নহয়। আৰু এই অসাধাৰণ ৰক্ত কণিকাবোৰ সোনকালেই ধ্বংস হৈ যায়। এই ছিকল চেল বেমাৰত ৰক্ত কণিকাবোৰৰ আকাৰ বেকা কাঁচিৰ দৰে হয় আৰু তেজৰ নলিকাবোৰ বন্ধ কৰি দিয়ে। কেতিয়াবা আকৌ তেজৰ কণিকাবোৰ ভাঙি গোট খাই ব্লক কৰে আৰু শৰীৰত বিষৰ সৃষ্টি হয়। সেয়ে, ছিকল চেল বেমাৰৰ বাবে তেজৰ পৰীক্ষা কৰাটো অতি আৱশ্যকীয়। উক্ত সভাত মালাপিন্ধা জনজাতি হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, স্থানীয় গাঁও প্ৰধান, আশা, চুপাৰ ভাইজাৰ, যোগ প্ৰশিক্ষক, লেবেৰেটেৰী টেকনিচিয়ান আদি ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানতে আজি উপস্থিত ৰাইজৰ মাজৰ পৰা ৭৫ গৰাকী লোকৰ ছিকল চেল বেমাৰৰ পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হয় আৰু ২৭ গৰাকীৰ হিমগ্লৱিন পৰীক্ষা কৰা হয়। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে মালাপিন্ধা আৰোগ্য মন্দিৰৰ সামূহিক চিকিৎসা বিষয়া ফনীকান্ত ভূঞাই।উল্লেখযোগ্য যে, মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ছিকল চেল বেমাৰৰ পৰীক্ষাৰ বাবে লাচন চাপৰি আৰু ধূনাগুৰি ঘাটটো বহুতো লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয় ।