ডিব্ৰুগড় জিলাৰ ১০০ যক্ষ্মা ৰোগীক অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ

ডিব্ৰুগড় জিলাৰ ১০০ যক্ষ্মা ৰোগীক অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধান মন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৫০ জন আৰু ডিব্ৰুগড়ৰ টেঙাখাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মুঠ ৫০ জন যক্ষ্মাৰোগীক একোটিকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। “নিক্ষয় মিত্ৰ” হিচাপে এই খাদ্যৰ টোপোলা সমূহ প্ৰদান কৰে দুলীয়াজানস্হিত অসম গেছ কোম্পানী লিমিটেডে। উল্লেখ্যযোগ্য যে গেছ কোম্পানীয়ে সমগ্র জিলাৰ মুঠ ১০০ যক্ষ্মাৰোগীক ছয়মাহৰ বাবে পুষ্টিকৰ খাদ্যৰ টোপোলা যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি প্ৰথম পৰ্যায়ত নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু টেঙাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। নাহৰণি স্বাস্থ্য কেন্দ্ৰৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি চিকিৎসালয়খনিৰ উপ অধীক্ষক ডাঃ অনিল কুমাৰ দেউৰীয়ে অসম গেছ কোম্পানী কৰ্তৃপক্ষক নিক্ষয় মিত্ৰ হিচাপে যক্ষ্মাৰোগী সকলক আগবঢ়োৱা এই সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। গেছ কোম্পানীৰ হৈ অনুষ্ঠানটিত উপস্থিত থাকে জনসম্পৰ্ক বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈয়ে। ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি, ডিব্ৰুগড়ৰ পিএমডিটি সমন্বয়ক বিষ্ণু গোহাঁয়ে এক চমু সজাগতামূলক বক্তব্যৰে আৰম্ভ কৰা অনুষ্ঠানটিত স্বাস্থ্য কেন্দ্ৰটিৰ একাংশ কৰ্মচাৰীৰ লগতে উপস্থিত থাকে পি পি এম ক’অৰ্ডিনেটৰ ৰিজজিম স্বৰ্ণকাৰ  নাহৰণি  খণ্ড  যক্ষ্মা ইউনিটৰ জ্যেষ্ঠ চিকিৎসা পৰিদৰ্শক অৰূপ হাজৰিকা। আনহাতে, টেঙাখাত স্বাস্থ্য কেন্দ্ৰৰ বিতৰণী অনুষ্ঠানত অসম গেছ কোম্পানীৰ হৈ উপস্থিত থাকে মুখ্য প্ৰৱন্ধক দেৱাশীষ ফুকন (চি এচ আৰ, মেকানিকেল), প্ৰৱন্ধক সুৰেশ দাস(চিএচ আৰ)আৰু চিএচ আৰ সমিতিৰ সদস্য হৃদয়ানন্দ নাৰ্জাৰী। আনহাতে যক্ষ্মা বিভাগৰ হৈ অনুষ্ঠানটিত  উপস্থিত থাকে ডিব্ৰুগড় জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱা আৰু টেঙাখাত খণ্ড যক্ষ্মা ইউনিটৰ জ্যেষ্ঠ চিকিৎসা পৰিদৰ্শক ভাস্কৰজ্যোতি খনিকৰ।