জীৱনৰ সংজ্ঞা বিচাৰি
যমুনা দুলু বৈশ্য
শুৱালকুছি
অন্তৰ বিদাৰি শব্দৰে সজাই
মুক্ত কন্ঠে ক’বলৈ উৰি ফুৰে
বুকু উজাৰি কবলৈ তোমাক
ঋতুৰ বতৰতে মেটমৰা তৰা ফুলৰ
সপোন গজে গোপনে মনৰ শিলালিপিত ।
জীৱন সংগ্ৰামৰ সাগৰ বোৱাই
অন্তৰত জাগে প্ৰণয়ৰ এভুমুকি
হাহি আৰু কান্দোন মিশ্ৰণৰ
অনুভূতিৰ আশাৰে গাঁথে মালিতা ।
জীৱনৰ সংজ্ঞা বিচাৰি
ভয় আৰু সংশয় বুকুৰ কঁপনিৰ
স্তব্ধতাৰে খেপিয়াই জোনাক পাবলৈ
বয় থাকে সংগোপনে নৈ ,নিজৰাৰ দৰে
বুকুত বাৰমাহৰ সোঁতত দেহত তপত উশাহ ।
প্ৰতিচ্ছবিৰে সময় আৰু পৰিবেশ
এক গোপনে জাগ্ৰত কৰে মানচিত্ৰৰ
চিত্ৰপটত প্ৰতিধ্বনিৰে বাজি থাকে
ওভতনি অবিৰাম যাত্ৰাৰে ।