আজি ভাৰত- পাকিস্তানৰ ঐতিহাসিক মহাৰণ

আজি ভাৰত- পাকিস্তানৰ ঐতিহাসিক মহাৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মাত্র কেইঘণ্টামান পিছত নিউয়ৰ্কৰ নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ ঐতিহাসিক মহাৰণ। বিশ্ববাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা চলিত টি-২০ বিশ্বকাপৰ বহু প্রতীক্ষিত ভাৰত-পাকিস্তানৰ এই হাইভ’ল্টেজ মেচখন আজি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। গ্রুপ ‘এ’ৰ এই গুৰুত্বপূৰ্ণ মেচখনক লৈ ইতিমধ্যে সাজু হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ লগতে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান। মেচখনক লৈ ইতিমধ্যে ৰণনীতি প্রস্তুত কৰিছে দুয়োটা দলে। চলিত বিশ্বকাপৰ প্ৰথমখন মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি ভাৰতীয় দলটোৰ আত্মবিশ্বাস তুংগত থকাৰ বিপৰীতে নিজৰ প্রথমখন মেচত আমেৰিকাৰ হাতত পৰাস্ত হৈ চাপৰ সন্মুখীন হৈ আছে পাকিস্তান দলটো। বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব ভাৰতীয় দলটো। এতিয়ালৈকে টি-২০ বিশ্বকাপত দুয়োটা দলে ৭বাৰ মুখামুখি হৈছে আৰু ইয়াৰে মাত্ৰ এবাৰহে পাকিস্তানে ভাৰতীয় দলটোক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ২০২১ চনত ডুবাইত পাকিস্তানে ভাৰতীয় দলটোক পৰাস্ত কৰিছিল। আজি পাকিস্তানক পৰাস্ত কৰি চলিত বিশ্বকাপৰ ছুপাৰ ৮ৰ প্ৰৱেশ কৰাৰ পথ সুগম কৰাৰ লক্ষ্য লৈছে ৰোহিত বাহিনীয়ে। মেচখনত পাকিস্তানৰ পেচ বলিঙৰ প্ৰত্যাহ্বানক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ভাৰতীয় দলটোৱে। পাকিস্তানে প্রথমখন মেচত আমেৰিকাৰ হাতত পৰাস্ত হ’লেও ভাৰতীয় দলটোৱে বাবৰ বাহিনীক সহজভাৱে ল’ব বিচৰা নাই। কাৰণ যিকোনো মুহূৰ্ততে দলটোৰ প্ৰত্যাৱৰ্তন ঘটোৱাৰ শক্তি আছে। অৱশ্যে আজিৰ এই হাইভ’ল্টেজ মেচখনৰ পূর্বে কিছু চিন্তিত হৈ পৰিছে ভাৰতীয় শিবিৰ। আয়াৰলেণ্ডৰে খেলা প্রথমখন মেচত তাৰকা বেটাৰ বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱ সম্পূৰ্ণৰূপে ব্যর্থ হৈছিল। ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মাই কয় যে পাকিস্তানৰ পৰা পাবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানক লৈ সম্পূর্ণ সাজু হৈছে সতীর্থসকল। নিউয়ৰ্কৰ উইকেটৰ লগত খাপ খোৱাৰ বাবে সতীর্থসকলে দীর্ঘ সময় ধৰি অনুশীলনত ভাগ লয়। আজিৰ মেচখনত পাকিস্তানতকৈ নিউয়ৰ্কৰ খেলপথাৰখনহে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হ’ব বুলি মন্তব্য কৰি অধিনায়ক ৰোহিত শৰ্মাই লগতে কয় যে নাছাউ কাউন্টি আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ উইকেটৰ মহিমা বুজাটো টান। ইয়াৰ উইকেটে কেতিয়াবা বাউন্স আৰু কেতিয়াবা বল তললৈ নামি আহে। গতিকে আমি প্ৰথমৰে পৰাই সাৱধানতাৰে খেলিব লাগিব। কাৰণ বিপক্ষ দলটোত শ্বাহিন শ্বাহ আফ্রিদী, হৰিশ ৰৌফ, নাছিম শ্বাহকে ধৰি কেইবাজনো তাৰকা পেচবলাৰ আছে।