প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত কালি কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই এটি সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত তেওঁ কয় যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ দুজন মান ঘনিষ্ঠ মন্ত্ৰীক সাংগো পাংগো হিচাবে লৈ ৰাজ্যৰ প্ৰতিটো কাৰ্য্যকৰী আছে, দেশত যেন আইন আদালত নাই। যদি এনেকৈয়ে চলিবলৈ হয় তেন্তে অসমৰ ৰাইজ খুব কম দিনৰ ভিতৰত ৰাজপথলৈ ওলাই আহিব লাগিব। বিজেপি এতিয়া এনে এটা পৰ্য্যায় পাইছে যে তেওঁলোকক এতিয়া আৰু আৰ এছ এছৰ প্ৰয়োজন নাই। সেইটো তেওঁলোকৰ কথা আৰু কাৰ্য্যৰ পৰাই গম পোৱা যায়। এতিয়া গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হ’লে এই একনায়কত্ব চৰকাৰক ওফৰাব লাগিব। নিৰ্বাচন সংক্ৰান্তত তেওঁ মন্তব্য কৰি কয়, যদি নিৰ্বাচনত ই ভি এম মেচিনৰ দ্বাৰা ভোটদান কাৰ্য্য চলি থাকে তেন্তে সন্দেহ নাই ভাৰি কোঁনফালে হ’ব। কাৰণ তেওঁ নিজৰ ক্ষেত্ৰতে এই বিষয়ে প্ৰমাণ পায় থৈছে। বৰ্তমান ৰাজনীতিকে সংবাদ মাধ্যমকো নিজৰ বহতিয়া কৰি লৈছে। যাৰ বাবে এতিয়া ৰাজনীতি ঘৃণনীয় হৈ পৰিছে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ কথাও তেওঁ উল্লেখ কৰে। বিজেপি দলত মোদীৰ বাহিৰে দ্বিতীয় জন ব্যক্তি আৰু নাই প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য। বিগত নিৰ্বাচনত বিৰোধীৰ লগত ৬ টা সমষ্টিত বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব বুলিও তেওঁ উল্লেখ কৰে।