গ্ৰাম্য অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ নিদিবলৈ চৰকাৰক আহ্বান এআইইউডিএফৰ

গ্ৰাম্য অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ নিদিবলৈ চৰকাৰক আহ্বান এআইইউডিএফৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰাম্য অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ নিদিবলৈ চৰকাৰক আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে। সংবাদ মাধ্যমেলৈ ভিডিঅযোগে প্ৰেৰণ কৰা এক বাৰ্তাত মৌলনা বদৰুদ্দিন আজমলে কয় যে মন্দিৰ, মছজিদ, বিদ্যালয় আদি থকা অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিলে সমাজৰ ক্ষতি হোৱাৰ লগতে বহু পৰিয়ালৰ তথা যুৱপ্ৰজন্মৰ ক্ষতিসাধন হ’ব। ধুবুৰীৰ কৈমাৰী অঞ্চলত ৰাইজে সুৰাৰ বিৰুদ্ধে কৰা প্ৰতিবাদক সমৰ্থন আগবঢ়ায় মৌলনা বদৰুদ্দিল আজমলে চৰকাৰক গ্ৰাম্য অঞ্চলত সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰিবলৈ আহ্বান জনায়।