পশ্চিমবংগত তিনিখনকৈ বিশাল নির্বাচনী সভা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

পশ্চিমবংগত তিনিখনকৈ বিশাল নির্বাচনী সভা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চুবুৰীয়া ৰাজ্য পশ্চিমবংগত তিনিখনকৈ বিশাল নির্বাচনী সভাৰে নৰেন্দ্ৰ মোদীৰ লহৰ তোলাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ চৰকাৰখনক তীব্র ভাষাৰে সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে  পশ্চিমবংগৰ সন্দেশখালিত বছিৰহাট লোকসভা সমষ্টিৰ প্রার্থী ৰেখা পাত্ৰ, উত্তৰ ২৪ পাৰগণাৰ আশোকনগৰত বাৰাসাত লোকসভা সমষ্টিৰ প্রার্থী স্বপন মজুমদাৰ আৰু উত্তৰ দমদমত দমদম লোকসভা সমষ্টিৰ প্রার্থী শীলভদ্র দত্তৰ হৈ অংশগ্ৰহণ কৰা এই নির্বাচনী প্ৰচাৰসভা কেইখনলৈ জনসাধাৰণে ব্যাপক সঁহাৰি প্ৰদান কৰে।

জনাকীর্ণ সভাকেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে পশ্চিমবংগত তুষ্টিকৰণৰ ৰাজনীতি চলে বুলি অভিযোগ কৰি মন্তব্য কৰে যে মমতা বেনাৰ্জীয়ে পশ্চিমবংগক ১০০ বছৰ পিছুৱাই নিছে। ড° শর্মাই কয় যে ২০২১ চনত তেওঁ আৰু মমতা বেনার্জীয়ে ক্রমে অসম আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিছিল। বিগত তিনিবছৰীয়া সময়ছোৱাত অসম চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক ১ লাখ চৰকাৰী চাকৰিত স্বচ্ছতাৰে নিযুক্তি দিয়াৰ উপৰি নতুনকৈ আৰু ৫০ হাজাৰ পদত নিযুক্তিৰ বাবে যো-জা কৰিছে। তদুপৰি চৰকাৰী চাকৰিৰ পৰিৱৰ্তে নিজ অধ্যবসায়েৰে আত্মনিৰ্ভৰ হ’ব বিচৰা যুৱক-যুৱতীসকলক ২ লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ তুলনাত যথেষ্ট ডাঙৰ পশ্চিমবংগই এই সময়ছোৱাত কমেও ৪ লাখ যুৱক-যুবতীক নিযুক্তি দিব পাৰিব লাগিছিল যদিও মমতা বেনাৰ্জী চৰকাৰখনে যি ২৩ হাজাৰ পদত নিযুক্তি প্রদান কৰিছিল সেই নিযুক্তি প্রক্রিয়াও শুদ্ধ নহয় বুলি ন্যায়ালয়ে মন্তব্য কৰিছে। আনকি ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ বাসগৃহৰ পৰাও টকাৰ পাহাৰ উদ্ধাৰ হৈছিল। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীৰ্বাদৰ বাবেই অসম চৰকাৰে এনে বৃহৎ নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে পশ্চিমবংগত হিন্দুসকলে বামনবমীৰ শোভাযাত্ৰাৰ বাবেও প্রশাসনৰ অনুমতি ল’ব লাগে কিন্তু সন্দেশখালিত মাতৃ-ভগ্নীৰ ওপৰত অত্যাচাৰ কৰিবলৈ হ’লে কাৰো অনুমতি নালাগে। তেনে কামত জড়িতসকলে ‘গ্রীণ পার্মিট’ পায় বুলি মন্তব্য কৰি তেওঁ কয় যে তৃষ্টিকৰণৰ ৰাজনীতিৰো এটা সীমা থকা উচিত। ড° শৰ্মাই কয় যে সন্দেশখালিত এতিয়াও ভয়ৰ বাতাবৰণ আছে। এসময়ত সমগ্র দেশক অনুপ্রাণিত কৰা পশ্চিমবংগৰ দৰে প্ৰদেশত সংঘটিত সন্দেশখালিৰ ঘটনাই এতিয়া এক নেতিবাচক বার্তাহে প্ৰেৰণ কৰিছে বুলিও তেওঁ কয়। ড° শর্মাই মন্তব্য কৰে যে সন্দেশখালিৰ দৰে ঘটনা যদি অসমত সংঘটিত হ’লহেতেন তেনেহ’লে অসম চৰকাৰে শ্বাহজাহান শেইখৰ দৰে ব্যক্তিৰ বিৰুদ্ধে ১০ মিনিটৰ ভিতৰতে এনে কঠোৰতম পদক্ষেপ ল’লেহেঁতেন যে ভবিষ্যতে দ্বিতীয় এগৰাকী শাহজান শেইখৰ জন্ম হোৱাৰ সাহসেই নহ’লহেঁতেন। সন্দেশখালিৰ ঘটনাত শাহজানৰ শেইখৰ বিপৰীতে যদিহে হিমন্ত বিশ্ব শর্মা নতুবা শিলভদ্র দত্ত নামৰ দৰে কোনো ব্যক্তি জড়িত হ’লহেঁতেন তেনেহ’লে তেনে ব্যক্তিৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰিলেহেঁতেন বুলি মন্তব্য কৰি তেওঁ কয় যে আজি পশ্চিমবংগৰ দুর্ভাগ্য এয়ে যে ৰাজ্যখনে মমতা বেনাৰ্জীৰ দৰে এনে এগৰাকী মুখ্যমন্ত্রী লাভ কৰিছে যিগৰাকীয়ে তৃষ্টিকৰণৰ ৰাজনীতিৰ বাহিৰে আন একো চিনি নাপায়। সৰহ সংখ্যক ল’ৰা-ছোৱালী জন্ম দিয়া আৰু চাৰিবাৰকৈ বিবাহ কৰোৱা কাৰ্যক ধর্ম নিৰপেক্ষতা বুলি বিবেচনা কৰিব নোৱাৰি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধর্ম নিৰপেক্ষতাৰ সঁচা অৰ্থ হৈছে সকলোৰে বাবে শিক্ষা, চিকিৎসা সেৱা, চাকৰি আদিৰ ক্ষেত্রত সমসুযোগ লাভ কৰাহে। মমতা বেনাৰ্জীয়ে ৰামকৃষ্ণ মিছন আৰু ভাৰত সেবাশ্রম সংঘক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল। স্বামী বিবেকানন্দৰ দৰে মনীষীয়ে স্থাপন কৰা ৰামকৃষ্ণ মিছনক সমালোচনা কৰা মমতা বেনার্জীয়ে কিন্তু শাহজাহান শেইখৰ দৰে লোকৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্রহণ নকৰে। ড° শৰ্মাই মন্তব্য কৰে যে ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ, বীৰ শিৱাজী, বীৰ লাচিতৰ দৰে ব্যক্তিসকলে ভাৰতবৰ্ষ গঢ়ি তুলিছে। যিখন দেশে এসময়ত শিবাজী, বংকিম চন্দ্র চট্টোপাধ্যায়, খুদিৰাম বসুৰ দৰে বৰেণ্য সন্তানক জন্ম দিছিল, মমতা বেনাৰ্জীৰ দৰে নেতাসকলৰ বাবেই সেই দেশখনত আজি শ্বাহজাহান শেইখৰ দৰে লোকৰ জন্ম হ’ব ধৰিছে।

অসম চৰকাৰে ৰাজ্যখনত সাতশখন মাদ্রাছা বন্ধ কৰাৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পশ্চিমবংগত জনসংখ্যাৰ ২৬ শতাংশ হৈছে মুছলমান। আনহাতে, অসমত মুছলমানৰ জনসংখ্যা হৈছে ৩৬ শতাংশ। তেওঁ কয় যে কংগ্রেছ আৰু তৃণমূল কংগ্রেছে মুছলমানসকলকো সংৰক্ষণৰ সুবিধা প্রদান কৰিব বুলি শ্লোগান দিছে যদিও দেশৰ সংবিধানমতে সংৰক্ষণৰ আধাৰ ধৰ্ম হ’ব নোৱাৰে। নবেন্দ্র মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’লে ধৰ্মৰ আধাৰত প্ৰদান কৰা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে আৰম্ভ কৰা এই সংৰক্ষণৰ ব্যৱস্থা বন্ধ হ’ব বুলি উল্লেখ কৰি তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনাৰ্জীয়ে ৰাজ্যখনত ‘কা’ বলবৎ হ’ব নিদিয়ে বুলি কোৱা মন্তব্যৰো প্রত্যাহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে ‘কা’ বলবৎ কৰাৰ ক্ষমতা কেন্দ্ৰৰ হাততহে আছে। তেওঁ কয় যে বাংলাদেশত উৎপীড়ণৰ চিকাৰ হৈ ভাৰতত আশ্রয় গ্রহণ কৰা মটুৱাসকলক নাগৰিকত্ব প্রদান কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্রতিশ্রুতিরদ্ধ। সামগ্ৰীৰ দাম বৃদ্ধিৰে পশ্চিমবংগত আজি দুখীয়া দৰিদ্ৰৰ ওপৰত অত্যাচাৰ চলিছে বুলি অভিযোগ তুলি মুখ্যমন্ত্রীয়ে কয় যে পশ্চিমবংগত পেট্র’ল আৰু ডিজেলৰ দাম দেশৰ ভিতৰতে সর্বাধিক। ৰাজ্যখনত এতিয়া প্রতি লিটাৰ পেট্ৰ’লৰ দাম ১০৩ টকা হোৱাৰ বিপৰীতে অসম, বিহাৰ, উত্তৰ প্ৰদেশৰ জনসাধাৰণে প্রতি লিটাৰ পেট্ৰ’লৰ বাবদ বর্তমান ৯৬ টকাকৈহে আদায় দি আহিছে। তেনেদৰে, অসমৰ চৰকাৰী বিষয়া- কৰ্মচাৰীসকলে বর্তমান ৫০ শতাংশ মৰগীয়া বানচ লাভ কৰাৰ বিপৰীতে পশ্চিমবংগৰ চৰকাৰী বিষয়া- কৰ্মচাৰীসকলে মাত্র ১৪ শতাংশহে মৰগীয়া বানচ লাভ কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমৰ দৰে সৰু প্ৰদেশ এখনে দৰিদ্র মহিলাসকলক অৰুণোদয় নামৰ আঁচনি এখনৰ জৰিয়তে প্রতিমাহে ১২৫০ টকাকৈ নিয়মীয়াকৈ প্ৰদান কৰে। ইয়াৰ বিপৰীতে মমতা বেনাৰ্জী চৰকাৰখনে লক্ষ্মী ভাণ্ডাৰ নামৰ আঁচনিখনৰ অধীনত মহিলাসকলক ১ হাজাৰ টকাকৈহে প্রদান কৰে। এই ধনৰাশি কমেও ২০০০ টকা হ’ব লাগিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে প্রতিশ্রুতি প্রদান কৰে যে পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হ’লে অন্নপূর্ণা ভাণ্ডাৰ নামৰ নতুন আঁচনি এখনৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলক মাহিলী ৩০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। পশ্চিমবংগত নৰেন্দ্ৰ মোদীৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ গঠন হ’লে ৰাজ্যখন দেশৰ অন্যতম শ্রেষ্ঠ ৰাজ্যত পৰিণত হ’ব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ যুৱ সমাজৰ সামর্থ আছে। কিন্তু নিজ ৰাজ্যত সংস্থাপনৰ সুযোগ নাপাই তেওঁলোকে চাকৰি বিচাৰি বহিঃৰাজ্যলৈ যাবলগীয়া হয়। ইয়াৰ বিপৰীতে অসমৰ দৰে সৰু ৰাজ্যত ছেমি কণ্ডাক্টৰ উদ্যোগৰ দৰে বৃহৎ উদ্যোগ স্থাপন হৈছে, যিটো উদ্যোগে বিশ্বৰ বিভিন্ন প্রান্তলৈ ইলেক্ট্রনিক চিপছ ৰপ্তানি কৰিব। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক তেওঁৰ ভেম পৰিহাৰ কৰিবলৈ আহ্বান জনাই ড° শৰ্মাই কয়- ‘আপুনি আপোনাৰ সময় পশ্চিমবংগৰ প্ৰগতিৰ বাবে সমর্পণ কৰক। ৰাজ্যখনৰ স্বাভিমানৰ কথা ভাবক।’ তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু প্ৰগতি বহু পৰিমাণে পশ্চিমবংগৰ সৈতে জড়িত কিয়নো দেশৰ অন্য প্রান্তৰ সৈতে উত্তৰ- পূর্বাঞ্চল পশ্চিমবংগৰ জৰিয়তেহে সংযুক্ত হৈ থাকে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ কয় যে আগন্তুক সময়ত পশ্চিমবংগৰ সামগ্রিক পৰিস্থিতি যদি উন্নত হয় তেনেহ’লে উত্তৰ-পূৰ্বাঞ্চলেও ইয়াৰে সুফল লাভ কৰিব।

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্রত্যাহাৰ কৰাটো শ্যামা প্রসাদ মুখার্জীৰ এটা সপোন আছিল। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেই সপোন পুৰণ কৰিছে। এইবাৰৰ লোকসভা নির্বাচনত ৪০০ খনতকৈও অধিক আসন লাভ কৰি নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে পুনৰ এবাৰ অধিষ্ঠিত হোৱাৰ পিছত পাক-অধিকৃত কাশ্মীৰ ওভতাই অনাৰ লগতে মথুৰাত শ্রীকৃষ্ণৰ জন্মভূমি নির্মাণ, জ্ঞানবাপীত মন্দিৰ নিৰ্মাণ, ইউ চি চি বলৱৎ, বহু বিবাহ ৰোধ আদিকে ধৰি পদক্ষেপসমূহ গ্রহণ কৰিব বুলিও তেওঁ কয়। পশ্চিমবংগবাসীক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সমর্থনত থিয় হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে অহা ৪ জুনৰ পিছত নবেন্দ্র মোদীয়ে দেশৰ প্রধানমন্ত্রী হিচাপে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰাৰ পিছতে এখন নতুন পশ্চিমবংগ গঢ়াৰ কামো আৰম্ভ হ’ব।