কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত আহত APBN জোৱান পংকজ গগৈৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰক চৰকাৰে-ডাঃ ভবেন চৌধুৰী

Pc Wikipedia

কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত আহত APBN জোৱান পংকজ গগৈৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰক চৰকাৰে-ডাঃ ভবেন চৌধুৰী

ৰঙিলী বাৰ্ত্তাসেৱা- “যোৱা ২৪ এপ্ৰিলত হাফলঙৰ পাহাৰীয়া অঞ্চলত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ জোৱান পংকজ গগৈ। কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত পতিত হোৱা স্বত্বেও আৰক্ষী জোৱান গৰাকীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰা নাই চৰকাৰে। বিগত ২৪ দিন ধৰি মৃত্যুৰ স’তে যুঁজি আছে দৰিদ্ৰ পৰিয়ালৰ ৩০ বছৰীয়া যুৱকজনে। পংকজ গগৈৰ চিকিৎসাৰ সমস্ত দায়িত্ব চৰকাৰে কৰা উচিত। ” নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ জোৱান গৰাকীৰ প্ৰয়োজনীয় চিকিৎসাৰ দাবী উত্থাপন কৰি এই মত ব্যক্ত কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়,” যি সময়ত চৰকাৰৰ মন্ত্ৰী তথা শাসকীয় দলৰ একাংশ বিধায়কে সাধাৰণ বেমাৰৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যত উন্নত চিকিৎসা গ্ৰহণ কৰিবলৈ যায়, তেনেক্ষেত্ৰত কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পৰ্যাপ্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাটো কোনোপধ্যেই মানি লব নোৱাৰি। ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকৰ প্ৰতি স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লগতে নিজৰ কৰ্মচাৰীক চিকিৎসাৰ সুবিধা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী জনাওঁ। ” উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত দুৰ্ঘটনাত পতিত হোৱা পংকজ গগৈক প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু হাস্পতালত তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল। পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়ৰস্থিত আদিত্য নাৰ্চিং হোম আৰু অৱশেষত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান মৃত্যুৰ সৈতে যুঁজি থকা আৰক্ষীৰ জোৱান গৰাকীৰ পৰিয়াল চিকিৎসাৰ ক্ষেত্ৰত নিৰুপায় হৈছে।এই ক্ষেত্ৰত আম আদমী পাৰ্টিৰ ৰাজ্যিক সমিতিয়ে চৰকাৰৰ তাৎক্ষণিক পদক্ষেপ কামনা কৰে।