পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব ৬৯৫গৰাকী প্ৰাৰ্থীৰ

পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব ৬৯৫গৰাকী প্ৰাৰ্থীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সামৰণি পৰিল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ। ২০ মে’ত দেশৰ আঠ ৰাজ্য-কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা লোকসভা সমষ্টিৰ ভোটগ্রহণক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা কংগ্ৰেছৰ শীর্ষ নেতা ৰাহুল গান্ধী, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিভিন্ন ৰাজনৈতিক দলৰ শীর্ষ নেতাই বিশাল নির্বাচনী সমাবেশেৰে প্ৰচাৰ অভিযান চলালে। ২০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ পাঁচটা, জম্মু- কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ তিনিটা, লাডাখৰ এটা, মহাৰাষ্ট্ৰৰ ১৩টা, ওড়িশাৰ পাঁচটা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ সাতটা সংসদীয় সমষ্টিক লৈ হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰে। পঞ্চম পৰ্যায়ৰ ভোটগ্রহণত ৪৯টা সমষ্টিত ৬৯৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য ভোটাৰে ইভিএমত বন্দী কৰিব।পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত বাইবেৰেলিৰ পৰা কংগ্ৰেছৰ ৰাহুল গান্ধী, আমেথিৰ পৰা বিজেপিৰ স্মৃতি ইৰাণী, বাৰামুল্লাৰ পৰা ওমৰ আব্দুল্লা, বিহাৰৰ হাজীপুৰৰ পৰা চিৰাগ পাছোবান, ছাৰণৰ পৰা ৰাজীৱ প্রতাপ ৰুডি, মুম্বাই উত্তৰৰ পৰা পীযূষ গোবেলকে ধৰি কেইবাগৰাকীও বিশিষ্ট নেতাৰ ভাগ্য বন্দী হ’ব ইভিএমত। কেন্দ্রীয় প্রতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লক্ষ্ণৌ সংসদীয় সমষ্টিতো পঞ্চম পর্যায়ত ভোটগ্রহণ হ’ব।