বীৰুবালা ৰাভাৰ মৃত্যুত শোক প্ৰকাশ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বীৰুবালা ৰাভাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় ’অসমৰ এগৰাকী সাহসী নাৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ খবৰ শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ। ৰাভা বাইদেউ ডাইনী হত্যাৰ বিৰুদ্ধে নিজৰ শক্তিশালী কণ্ঠৰে সমাজখনৰ হৈ যুদ্ধ কৰি পোহৰ বিলাই পদ্মশ্ৰী বঁটাৰে সন্মানিত বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমবাসীৰ বাবে অপূৰণীয়া ক্ষতি। নিজৰ নিৰন্তৰ প্ৰচেষ্টাৰে সমাজৰপৰা অন্ধবিশ্বাস-কুসংস্কাৰ দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা ৰাভা বাইদেউ নাৰী শক্তিৰ অনন্য নিদৰ্শন। তেওঁ সমাজ জীৱনলৈ আগবঢ়াই থৈ যোৱা অতুলনীয় অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰিম।ৰাভা বাইদেউৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তাপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷