দেশৰ বৃহৎ গণতান্ত্রিক প্ৰক্ৰিয়াত ব্যাপক উৎসাহেৰে অংশ লোৱাৰ বাবে অসমৰ জনতাক কৃতজ্ঞতা অগপৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটদান প্ৰক্ৰিয়া সামৰণি পৰিল। দেশৰ এই বৃহৎ গণতান্ত্রিক প্ৰক্ৰিয়াত অসমৰ জনসাধাৰণে ব্যাপক উৎসাহেৰে অংশগ্রহণ কৰাৰ বাবে অসম গণ পৰিষদৰ তৰফৰপৰা শ্ৰদ্ধাৰ ৰাইজক সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। নিৰ্বাচনৰ এই সময়খিনিত এনডিএ-ৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই অশেষ কষ্ট স্বীকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ তথা যাৱতীয় কাম-কাজসমূহ ৰূপায়ণত নিষ্ঠাৰে সেৱা আগবঢ়াইছে। তাৰ বাবে আজিৰ এই বিশেষ ক্ষণত এনডিএ-ৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ প্ৰতিও অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।