ডিব্ৰুগড়ৰ বগীবিল দলঙত বৃহৎ পৰিমাণৰ সুৰা জব্দ

ডিব্ৰুগড়ৰ বগীবিল দলঙত বৃহৎ পৰিমাণৰ সুৰা জব্দ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বগীবিল দলঙত নিশা আৰক্ষী আৰু আৱকাৰীৰ যুটীয়া অভিযানৰ সময়ত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অৰুণাচলি সুৰা। এখন পিকআপ ব’লেৰ’ গাড়ীত প্ৰায় ২৭০টা অৰুণাচলি সুৰাৰ কাৰ্টুন জব্দ কৰে অভিযানকাৰী দলটোৱে। আৰক্ষী আৰু আৱকাৰী বিভাগৰ যুটীয়া অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ সুৰা কাৰ্টুনখিনি। এক গোপনসূত্ৰৰ পম খেদি জলকীয়া বস্তাৰ তলত আৰু ভিতৰত সৰবৰাহ কৰা নতুন কৌশল অৱলম্বন কৰে যদিও আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিলে সুৰা সৰবৰাহকাৰীৰ দলটোৱে। অসাধু ব্যৱসায়ী যদি ডালে ডালে, আৰক্ষী আৰু আৱকাৰী বিভাগ পাতে পাতে। বগীবিলত জব্দ কৰা সুৰা ভৰ্তি গাড়ীখনৰ নম্বৰ হল এএছ-০৪-বিচি-১২৭১ । গাড়ীৰ চালক আৰু সহযোগীক আৰক্ষীয়ে আটক কৰে।আটকাধীন কেইজনৰ নাম হৰেণ চৌহান ২৩ বছৰ, বিদ্যুত পাত্ৰ ২৭ বছৰ, দুয়োজনৰ ঘৰ শিৱসাগৰৰ শিমলুগুৰিত বুলি জানিব পৰা গৈছে। দুয়োজনকে ডিব্ৰুগড় ন্যায়াধীশ আদালত হাজিৰ কৰোৱাত তেওঁলোকক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।