জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসমৰ ‘জনজাগৰণ দিৱস’ উদ্‌যাপন

জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসমৰ ‘জনজাগৰণ দিৱস’ উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত জাতীয়তাবাদ পুনৰ নিৰ্মাণ অসমে যুগনায়ক নিবাৰণ বৰাৰ ১০৪ সংখ্যক জন্ম দিন উপলক্ষে “জনজাগৰণৰ দিৱস” উদযাপন কৰে। উক্ত অনুষ্ঠানত তেওঁলোকে প্ৰথমে নিবাৰণ বৰাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়। জাতিটোৰ বাবে গোটেই জীৱন কাম কৰি যোৱা জাতীয়তাবাদৰ মহানায়কৰ জীৱন কালৰ বিষয়ে তেওঁলোকে আলোকপাত কৰে। ভাষণ প্ৰসংগত সাধাৰণ সম্পাদক ৰাজ কুমাৰ বৈশ্যই কয়, যেতিয়া ৰাজ্যত জাতীয়তাবাদৰ ধাৰা অব্যাহত আছিল আৰু এজিপি চৰকাৰৰ দিনত একমাত্ৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰণেই নিবাৰণ বৰাৰ নিচিনা মানুহে অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে। তেওঁৰ দৰে আৰু এজন নিবাৰণ বৰা এতিয়া আমি ক’ত পাম বুলিও তেওঁ দুখ প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে, বিগত ১৯ বছৰে কোনো এখন চৰকাৰে বৰাৰ নামত তথ্য কেন্দ্ৰ আৰু পুথিভঁৰাল নিৰ্মাণৰ বাবে আজি পৰ্য্যন্ত অলপো মাটি নিদিলে। ইয়াৰ বাবে তেওঁলোকে বৰ্তমান চৰকাৰকো কঠোৰভাৱে সমালোচনা কৰে। এই কাৰ্যসূচীত সাধাৰণ সপাদক বৈশ্যৰ উপৰিও উপ সভাপতি ইউচুফ আলী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেন বড়ো, কোচ ৰাজবংশী সন্মিলনীৰ খাগেন্দ্ৰ নাথ ঠাকুৰীয়া, চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি দীপক কুমাৰ পাঠক, মুকুল বৰকটকীকে আদি কৰি প্ৰায় ৩০ জন মান ব্যক্তি উপস্থিত আছিল।