সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১১ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি (২৪-৪-২৪) ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰি কয় যে, জীৱনত সফলতা লাভ কৰিবলৈ হ’লে নিৰন্তৰ সততাৰে কঠোৰ অধ্যৱসায় কৰি যাব লাগিব। নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আন্তৰিকতাৰে প্ৰচেষ্টা আগবঢ়াব লাগিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও প্ৰখ্যাত কবি ৰবাৰ্ট ফ্ৰ’ষ্টয়ে মাথো তিনিটা শব্দৰে আগবঢ়োৱা জীৱনৰ সাৰাংশ “লাইফ গ’জ অন”( “Life Goes On”)ৰ উদ্ধৃতি দি জিলা আয়ুক্তই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, জীৱনত বহু সুযোগ আহে আৰু সেয়েহে বিফল হোৱাৰ ভয়ত কেতিয়াও হতাশাত ভুগিব নালাগে অথবা অত্যাধিক মানসিক চাপ কেতিয়াও ল’ব নালাগে। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই আতঁ ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) সংঘমিত্ৰা বৰুৱা প্ৰমুখ্যে শিক্ষা বিভাগৰ অন্যান্য বিষয়াবৰ্গ আৰু অভিভাৱকসকল উপস্থিত থাকে।