বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদৰ মনোনয়ন দাখিল

বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদৰ মনোনয়ন দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰায় তিনি সহস্ৰাধিক জনতাৰ সমাগমেৰে কালি বৰপেটা লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদে। সাংস্কৃতিক শোভাযাত্ৰা, ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু হাজাৰ হাজাৰ সৰ্মথকক লগত লৈ আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন দাখিল কৰে প্ৰাৰ্থী আবুল কালাম আজাদে। মনোনয়ন পত্ৰ দাখিল কাৰ্য্যসূচীৰ পাছতেই সংবাদমাধ্যমক সম্বোধি ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কয় যে, “ইতিমধ্যে অসমৰ ৰাইজে বিজেপিৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি বিকল্প বিচাৰিছে আৰু তৃণমূল কংগ্ৰেছ দলক অসমৰ ৰাইজে আদৰি লৈছে। লক্ষীমপুৰ, শিলচৰ আৰু কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কাৰ্য্যসূচীতেই হাজাৰ হাজাৰ ৰাইজ তৃণমূল কংগ্ৰেছৰ সমৰ্থনত ওলাই আহিছে। ৰাইজ আজি ওলাই আহিছে নিজৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত, সকলোৰে সৰ্বাঙ্গীন বিকাশ আৰু উন্নতিৰ স্বাৰ্থত। ৰাইজে বুজি পাইছে তৃণমূল কংগ্ৰেছতকৈ শক্তিশালী বিকল্প বৰ্ত্তমান অসমত নাই। আমাৰ দৃঢ় বিশ্বাস এই লোকসভা নিৰ্বাচনত ৰাইজে এই স্বৈৰাচাৰী শাসনক ওফৰাই পেলাব আৰু তৃণমূলক ৰাইজৰ শক্তিশালী কন্ঠৰূপে বাছি লৱ”। ইয়াৰ লগতে আজি বৰপেটা লোকসভা সমষ্টিৰ সৰ্বাঙ্গীন বিকাশ আৰু উন্নয়নৰ সংকল্পৰে এক অংগীকাৰপত্ৰও মুকলি কৰা হয়।