অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰ সভা

অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভা ভৱনৰ লক্ষীৰাম বৰুৱা সদনত  অসম প্ৰাদেশিক বেংক সংস্থাই এখন আলোচনা সভা অনুষ্ঠিত কৰে। উল্লেখ থাকে যে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই সংস্থাই তেওঁলোকৰ বেংকৰ লগতে তেওঁলোকৰ নিজৰ দা দৰমহা ইত্যাদিক লৈ সকলো বিষয় সামৰি বিশদভাৱে এক আলোচনাত মিলিত হয়। আৰু সেই সভা খনেই অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত অল ইণ্ডিয়া বেংক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক চি এছ ভানকাতা চালামৰ উপস্থিতিত অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক গৌৰৱ শৰ্মা, সভাপতি খনিন্দ্ৰ নাথ শৰ্মা,চিয়াৰৰ্মেন প্ৰদুছ কুমাৰ দেৱ ৰয়কে আদি কৰি প্ৰায় ৩৫ জন মান বিভিন্ন বেংকৰ কৰ্মচাৰীৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়৷এই সভাতে গুৱাহাটীৰ বাহিৰেও বিভিন্ন জিলাৰ পৰা অহা বেংক কৰ্মচাৰীৰ এখন আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰায় ১০০ ৰো অধিক বেংক কৰ্মচাৰী উপস্থিত থাকে৷