ভুল বুটলি-সত্যজিৎ গগৈ

PC - Shutterstock
ভুল বুটলি
সত্যজিৎ গগৈ,নাহৰকটীয়া
মুকুতাৰ দৰে জিলিকি থকা
এপাহি ধুনীয়া ফুল
ভুলকে বুটলি অনাই-বনাই
ফুৰিছোঁ পৃথিৱী গোল,
ধুনীয়া ফুলবোৰ মোহময়ী
মনবোৰ নহয় সুহৃদ
সংগোপনে আহি বিচাৰিছা
ঠিকনা নিজৰ বুদ্ধিত,
আপোন বুলি থাকোঁতেই ভাবি
সিঁচিলা কঠীয়া ডৰা
সহজ-সৰল মনৰ মানুহ
দেখুৱালা স্বাৰ্থপৰতা,
নুবুজিলো একো তোমাৰ মহিমা
আমি অবুজ জীৱ
শিয়ালতকৈও তীখৰ কোনোৱে
কাঢ়ি নিলে সৰ্বস্ব,
ফুল বুলি ভুলকে বুটলি
আছোঁ অতদিনে সহি
আহিব যিদিনা আমাৰো সময়
ভাৱি মধুসূদন ত্ৰাহি।