সপোন- গীতাৰ্থী ঠাকুৰ

সপোন

গীতাৰ্থী ঠাকুৰ
দেৰগাঁও

এবাহু আবেগ
এআকাশ অনুৰাগ
উশাহৰ বাহত এখামোচ উছাহ
ফাগুনৰ আৱাহনত ভালপোৱাৰ নিৰ্যাস ।।

পচোৱাৰ উৰুলি
সৰাপাতৰ উচপিচনি
উঠে হোম জুই জ্বলি
মোৰ কপালত জাগলৰ বেলি
তই জুই গলোৱা আবেলি।

বিৰিণাৰ ফাঁকেৰে সৌৱা
জোনৰ হাঁহি
মৌসনা ৰাতি
চুই যা…চুই যা
পিয়াহ পিয়াহ
মোৰ ওঁঠৰ পাপৰি।

উজাই-ভটিয়াই সাৰে আছোঁ
মই স্ৰোতস্বিনী ।।