উতনুৱা ফাগুন -ছেলিমা বেগম

উতনুৱা ফাগুন 
ছেলিমা বেগম ,নগাঁও
কি যেন উতনুৱা তই ফাগুন
মনতে আনি দিলে আগুন ।
ৰাংঢালী ৰঙিলী ফাগুন গাভৰু হ’বলৈ ধৰিলে
প্ৰেমৰ লীলা কৰি ফাগুনৰ লগত খেলিলে।
পলাশ, মদাৰ ,শিমলু ফুলিল
হিয়াৰ মাজত জুই জ্বলিল।
সৰা পাতে কাণে কাণে ফুচ্ ফুচ্ কৰি
 কৈ দিলে ফাগুন আহিছে বলিয়া কৰি।
আকাশ, বতাহ কঁপিছে ভোমোৰাৰ ভূণ ভূণ
মৌ মাখি উৰিছে গীত গাই গুণ গুণ ।
লঠঙা ডালত শিমলু হাঁহি হাঁহি স্বাগতম জনাইছে
ফাগুন আহিছে বৃক্ষ বিৰিণা নঙঠা কৰিছে।
ধৰণীৰ বুকুৰ পৰা লাজৰ চাদৰ উৰুৱাই নিলে
যুৱতীৰ মেঘালী চুলি-কোঁচা আউলি- বাউলী কৰিলে।
নাকে, মুখে ধূলি চটীয়াই দিলে আহঃ কি যে ধেমালি
ঐ নিলাজ  ফাগুন আহিলি ভালেই কৰিলি।
কৃষ্ণচূড়াৰ তলত বহি ফাগুনে হাঁহি মাৰে মিচিকি
তাকে দেখি ধৰণী গা ৰাই -জাই কৰে চিনাকি  ।
চৰাই চিৰকতি গীত গাই ইনাই – বিলাই পৰি ডালত
পছোৱা বতাহ জাকে সুগন্ধ আনি দিয়ে ধৰণীৰ গালত ।
    ঘাঁহনি -বননি ৰৈ আছে এজাক বৰষুণৰ আশাত
শুকান পথাৰখন সেউজীয়া কৰি যৌৱন আনি দিয়াত ।