ফাগুনৰ প্ৰথমটো বুধবাৰে আ:য়ে লিগাং

ফাগুনৰ প্ৰথমটো বুধবাৰে আ:য়ে লিগাং

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-সমাগত অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ আলি আ:য়ে লিগাং । ফাগুনৰ প্ৰথমটো বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত মিচিংজনগোষ্ঠীটোৰ লোকসকলে এই উৎসৱ উদযাপনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি । তাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ বৰপথাৰৰ চকলি মিচিং গাঁৱতো আলি আ:য়ে লৃগাং উদযাপনৰ বাবে মিচিং সম্প্ৰদায়ৰ লোকসকলে চলাইছে প্ৰস্তুতি।ঐনিতম আৰু গুমৰাগ নৃত্যৰে এতিয়া মুখৰিত মিচিং জনগোষ্ঠীয় গাওঁ সমূহ । চকলি মিচিং গাঁৱৰ মিৰি গাৱ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে জিলা ভিত্তত আলি আঃয়ে লৃগাং উদযাপনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি । ঐনিতম আৰু গুমৰাগ নৃত্যৰ আখৰাত এনেদৰেই ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়াৰী বোৱাৰী ।