তথ্য আৰু জনসংযোগৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

তথ্য আৰু জনসংযোগৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ খানাপাৰাত অৱস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাগজবিহীনভাৱে অফিচৰ কাম-কাজ সম্পাদন কৰিবলৈ অসম চৰকাৰে প্ৰশাসনিক ক্ষেত্ৰত ই-অফিচ ব্যৱস্থা উৎসাহিত কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশ হিচাপে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণী  অনুষ্ঠানত উপস্থিত থাকি তথ্য আৰু জনসংযোগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ে কয় যে স্বচ্ছ আৰু নিকা ব্যৱস্থা প্ৰতিনিধত্ব কৰা ই-অফিচ ব্যৱস্থাই প্ৰশাসনীয় কাম-কাজৰ ক্ষেত্ৰত আমূল পৰিবৰ্তনৰ সূচনা কৰিছে। ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমা কাৰ্যালয়ৰ পৰা প্ৰশিক্ষণ গ্ৰহণৰ বাবে অহা কৰ্মচাৰীসকলক প্ৰশিক্ষণৰ অন্তত নিজ নিজ ঠাইলৈ গৈ সূচাৰুৰূপে কৰ্ম সম্পাদনৰ কৰিবলৈ তেওঁ উৎসাহিত কৰে। প্ৰশিক্ষণৰ অন্তত সকলো প্ৰশিক্ষাৰ্থীকে একোখনকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।