অত্যধিক ৰূপত অনুৰোধ জনোৱাৰ পৰা বঞ্চিত থাকক – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Shutterstock

অত্যধিক ৰূপত অনুৰোধ জনোৱাৰ পৰা বঞ্চিত থাকক

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অত্যাধিক ৰূপত অনুৰোধ জনোৱাকে আমি একেবাৰে সহজ-সৰল ভাষাত ‘খাতিৰ’ শব্দটোৰ জৰিয়তে বুজি পাওঁ। আমি যেতিয়া কোনো এজন ব্যক্তিক প্ৰয়োজনতকৈ বেছি প্ৰাধান্য প্ৰদান কৰো তেন্তে বেচিভাগ ক্ষেত্ৰতে অন্যান্য মানুহৰ আগত নিজৰ ব্যক্তিত্বৰ ওজন কমি যোৱা যেন পৰিলক্ষিত হয়। কিন্তু প্ৰতিটো ক্ষেত্ৰত সকলোবোৰ মানুহৰ মন একে নাথাকে। সেয়েহে নিজক অকণমান তল কৰি হ’লেও নিজৰ বা দুয়োজন ব্যক্তিৰে লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান মানুহে অন্য কিছুমান আত্মীয়, সম্পৰ্কীয়,বা লগ, বন্ধুৰ আগত কিছুমান বিশেষ বিষয়বোৰৰ প্ৰতি অত্যধিক অনুৰোধ জনালোঁ পৰিলক্ষিত হয়।আপুনি হয়তো কেতিয়াবা আপোনাতকৈ বহু দূৰ্বল ব্যক্তিৰ আগত এক বিশেষ পৰিস্থিতি পৰি অত্যাধিক ৰূপত অনুৰোধ জনাবলৈ বাধ্য হৈ পাৰে। এইটো একেবাৰে স্বাভাৱিক কথা নহয়নে? কিন্তু সেই সুযোগতে আপুনি অনুৰোধ জনোৱা মানুহগৰাকীয়ে আপোনাৰ ওপৰত একেবাৰে ভিক্ষাৰীৰ সমতুল্য ব্যৱহাৰ কৰি আপোনাৰ আত্মপ্ৰতিষ্ঠাৰ ওপৰত আঘাত হনাৰ চেষ্টা কৰিব।গতিকে নিজৰ আত্মপ্ৰতিষ্ঠাৰ,আত্মমৰ্যাদা সদায় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে তেন্তে প্ৰয়োজনতকৈ বেছি কোনো এজন প্ৰানীৰ ওচৰতে অত্যধিক ৰূপত অনুৰোধ জনোৱাৰ পৰা বঞ্চিত থাকক। নহ’লে আপোনাক এক বান্দৰৰ সাদৃশ্য ব্যৱহাৰ কৰি তাৰ তালে তালে নচোৱাৰ চেষ্টা চলাই যাব।